অসম নাগালেণ্ড সীমান্তত প্ৰবল বৃষ্টিপাত, বালিয়ে পুতিলে বিদ্যালয়…

অসম নাগালেণ্ড সীমান্তত প্ৰবল বৃষ্টিপাত, বালিয়ে পুতিলে বিদ্যালয়…

ডিজিটেল সংবাদ, বেকাজানঃ বেকাজান আৰু চুবুৰীয়া নাগালেণ্ডত  এজাক প্ৰবল বৃষ্টিপাতৰ ফলত  চুবুৰীয়া নাগালেণ্ডৰ পৰা বৈ অহা বেকাজান নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ বেকাজান চহৰ বুৰাই পেলোৱাৰ লগতে বেকাজান প্ৰাথমিক বিদ্যালয়খন সম্পূৰ্ণৰূপে বালিয়ে পুতি পেলায় । ৰাইজে অভিযোগ কৰামতে বেকাজান নদীৰ ওপৰত   বৰহোলাৰ ঠিকাদাৰ ফিৰোজ খান তিতাবৰ মহকুমাৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা বৰঠাকুৰৰ  চূড়ান্ত লুণ্ঠন আৰু কাৰিকৰী গাফিলতিৰ পৰিণতিতে বাঢ়নী পানীৰ বালিয়ে  বেকাজান প্ৰাথমিক বিদ্যালয়খন সম্পূৰ্ণ কৈ পুতি পেলায় ।

উল্লেখ্য যে বৰহোলাৰ ঠিকাদাৰ ফিৰোজ  খানে  নিৰ্মাণ কৰা প্ৰায় ৯০  লাখ টকীয়া বক্স কালভাৰ্টটো  নিম্ন উচ্চতাৰ বাবে  পানী পাৰ হৈ যাব নোৱাৰাৰ বাবে নদীয়ে পথৰ ওপৰেদি  অন্য ফালে গতি কৰে।  কালভাৰ্টটোৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰ ফিৰোজ খানে অবিজ্ঞানসন্মত আৰু কাৰিকৰী বিসংগতিপূৰ্ণৰ কথা  স্থানীয় ৰাইজে  তিতাবৰ মহকুমাৰ গড়কাপ্তানি বিভাগৰ বিষয়া গৰাকীক  বাৰম্বাৰ দৃষ্টিগোচৰ কৰাইছিল যদিও অভিযন্তাজনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

যাৰ পৰিণতিত এনেদৰে বক্স কালভাৰ্টোৰে পানী পাৰ হৈ যাব নোৱাৰি নদীয়ে  অন্য দিশে গতি কৰি বেকাজান প্ৰাথমিক বিদ্যালয়খন পুতি পেলায় । ৰাইজে অভিযোগ কৰামতে  ঠিকাদাৰ ফিৰোজ খানে বেকাজান আৰক্ষী চকীৰ কাষেৰে নিৰ্মাণ কৰা ৬ লাখ টকীয়া উপ পথটো সামান্য চেণ্ডগ্ৰেভেল আৰু এটা তিনিফুটীয়া হিউম পাইপ দিয়েই দায়িত্ব সামৰে। 

ঠিকাদাৰ আৰু তিতাবৰ গড়কাপ্তানি বিভাগৰ বিষয়া গৰাকীৰ চূড়ান্ত দুৰ্নীতি আৰু অদক্ষতাৰ বাবে বেকাজানবাসীয়ে এনেধৰণৰ নৰক যন্ত্ৰণা ভূগিব লগা কাৰ্যত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী । উপায়ন্তৰ হৈ ৰাইজে দুয়োগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে । ইফালে বেকাজান নদীৰ বাঢ়নী পানীয়ে গায়নবাৰী,গোহাঁই গাঁৱ আৰু  নতুন চেৰেলী গাঁৱৰ বহু কৃষি ভূমিৰ ক্ষতি সাধন কৰে ।

বেকাজানৰ ৰাইজে অভিযোগ উত্থাপিত কৰামতে চুবুৰীয়া নাগালেণ্ডৰ চাংপাঙ বস্তিত বৰহোলাৰ চোৰাং কয়লা মাফিয়াই দিনে নিশাই এক্সাভেটৰে অবৈধ কয়লা খনন কৰাৰ ফলত কয়লা খনিৰ মাটি- বালি বেকাজান নদীয়ে কঢ়িয়াই আনি এশঘৰীয়া ,গায়নবাৰী আদি অঞ্চলৰ খেতি মাটি পুতি নষ্ট কৰিছে। ইফালে ঔৰংগিয়ালত বক্সকালভাৰ্টৰে  তেৰিমেৰি নদীয়ে পানী পাৰ হৈ যাব নোৱাৰি পথৰ ওপৰেদি যোৱাত  নগাবাট সংযোগী পথটোৰ  কিছু অংশ খহাই নিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in