৬ টা দিনে হৈ আছে আৱদ্ধ, নাই খাদ্য সামগ্ৰীঃ কোভিড আক্ৰান্ত কেইবাটাও পৰিয়ালৰ প্ৰতি অমানৱীয়তা প্ৰদৰ্শন

৬ টা দিনে হৈ আছে আৱদ্ধ, নাই খাদ্য সামগ্ৰীঃ কোভিড আক্ৰান্ত কেইবাটাও পৰিয়ালৰ প্ৰতি অমানৱীয়তা প্ৰদৰ্শন

ডিজিটেল সংবাদ বেকাজান: যোৰহাট জিলাৰ তিতাবৰ মহকুমা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই বেকাজানত কণ্টেইনমেণ্ট জ'নত থকা আঠটাকৈ পৰিয়ালক বিগত ৬ টা দিনে কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰামতে বেকাজান আৰক্ষী চকীৰ সমীপতে প্ৰায় ৮ টাকৈ পৰিয়ালক কোভিদ আক্ৰান্ত হোৱাৰ বাবে ১৩ জুলাইত মহকুমা প্ৰশাসনে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল।

বিগত ৬ টা দিন ধৰি ঘৰৰ চৌহদতে আৱদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালকেইটাৰ মাজত বৰ্তমান খাদ্যৰ তীব্ৰ নাটনিয়ে দেখা দিছে‌। অতি পৰিতাপৰ বিষয় যে দিন হাজিৰা কৰি জীৱন নিৰ্বাস কৰা পৰিয়ালকেইটাই বৰ্তমান এসাজ খাই এসাজ নাখাই দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তিতাবৰ মহকুমা প্ৰশাসন, স্থানীয় পঞ্চায়ত প্ৰতিনিধি কোনোৱেই তেওঁলোকৰ খবৰ ল'বলৈ এবাৰো অহা নাই বুলি অতি দুখেৰে অভিযোগ কৰিছে পৰিয়ালকেইটাই।

ইফালে স্বাস্থ্য বিভাগৰ লোকো স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তি ছত্ৰজিৎ যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক গাঁৱৰ দুই এজন লোকে পৰিয়ালকেইটাক খোৱা বস্তু আনি দিয়াৰ বাহিৰে মহকুমা প্ৰশাসন তথা চৰকাৰী প্ৰতিনিধিয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক। এই পৰিয়ালকেইটাত প্ৰায় ১২ জনকৈ শিশু আছে। ইয়াৰে ১১ বছৰীয়া এগৰাকী শিশু কোভিডত আক্ৰান্ত হৈছে। খাদ্য সামগ্ৰীৰ অভাৱত সেই কণমানিগৰাকীও ভোকে লঘোণে দিন কটাবলগীয়া হৈছে।

২৬ জুলাই লৈকে কণ্টেইনমেণ্ট জ'নত থাকিবলগীয়া এই পৰিয়ালকেইটাই খাদ্যৰ অভাৱত কেনেদৰে কটাব তাকলৈ অত্যন্ত চিন্তিত হৈ পৰা দেখা গৈছে। বেকাজানৰ এই ৮ টাকৈ পৰিয়ালক শীঘ্ৰে খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিবলৈ মহকুমা প্ৰশাসনক স্থানীয় ৰাইজে আহ্বান জনাইছে। ইফালে দেওবাৰে বেকাজান দকলঙীয়া গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে তিতাবৰ মহকুমা প্ৰশাসনে। গাঁওখনৰ পোন্ধৰজন লোকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে গাঁওখনৰ প্ৰায় অৰ্ধশতাধিক লোকক সামৰি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে। ঘোষণাৰ সময়ত তিতাবৰ মহকুমাৰ ক্ষেত্ৰ দণ্ডাধীশ উপস্থিত থাকি কোভিডৰ ক্ষেত্ৰত ৰাইজক সজাগ-সচেতন হ'বলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in