হেৰুওৱা এ টি এম কাৰ্ডৰ জৰিয়তে লক্ষাধিক টকা হৰলুকিঃ শ্বপিং মলত কাপোৰ বজাৰ কৰিবলৈ গৈ আটক ৫ যুৱক…

হেৰুওৱা এ টি এম কাৰ্ডৰ জৰিয়তে লক্ষাধিক টকা হৰলুকিঃ শ্বপিং মলত কাপোৰ বজাৰ কৰিবলৈ গৈ আটক ৫ যুৱক…

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ বৰহোলাত এ টি এমৰ পৰা ধন হৰলুকি কৰি বুধবাৰে পাঁচজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰামতে বৰহোলা আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে এ টি এমৰ পৰা কৌশলেৰে ধন হৰলুকি কৰাৰ অভিযোগত গোলাঘাট জিলাৰ লোণপুৰীয়া গাঁৱৰ ভাস্কৰ ৰাজখোৱা, বসন্ত কোঁচ, হেমন্ত কোঁচ, প্ৰণৱ ৰাজখোৱা আৰু যদুমণি শইকীয়া নামৰ পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

বৰহোলাৰ ৰূপক দত্ত নামৰ এজন ব্যক্তিৰ হেৰুৱা এ টি এম কাৰ্ডেৰে একাউণ্টৰ পৰা এ এটি এম পৰা কৌশলেৰে উলিয়াইছিল ধনখিনি। উল্লেখ্য যে ৰূপক দত্ত নামৰ লোকজনৰ এ এটি এম কাৰ্ডখন যোৱা ১৪ অক্টোবৰত বৰহোলা চাৰিআলিত হেৰাইছিল। সেই হেৰুওৱা এ টি এমখন পাইছিল গোলাঘাট জিলাৰ লোণপুৰীয়া গাঁৱৰ পাঁচজনীয়া দলটোৱে। যিহেতু এ টি এম কাৰ্ডখনৰ লগত তেওঁলোকে ৰূপক দত্তৰ গোপন নম্বৰটোও আছিল, সেয়ে ইয়াৰ পিছত যুৱক কেইজনে কৌশলেৰে এ টি এমৰ পৰা এক লাখতকৈয়ো অধিক টকা উলিয়াই লৈ যায়।

ইফালে এ টি এমখনৰ গৰাকী ৰূপক দত্তই লগে লগে বৰহোলা আৰক্ষী থানাত দাখিল কৰা ১৩৫/২০২১ নং গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল বৰহোলা আৰক্ষীয়ে। উল্লেখযোগ্য যুৱকৰ দলটোৱে উল্লিখত ধনেৰে দামী ম'বাইল কিনাৰ লগতে যোৰহাটৰ এটা শ্বমিং মলত কেইবাহাজাৰো টকাৰ বজাৰ কৰিছিল। আৰক্ষীয়ে শ্বপিং মলখনৰ চি চি টিভি কেমেৰা ফুটেজ চাই তাৎক্ষণিক অভিযান চলাই পাঁচজনীয়া দলটোক জালত পেলাই বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে আটকাধীন যুৱককেইজনক বৰহোলাৰ থানাত অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটাইকইজন যুৱকক বৃহস্পতিবাৰেই জেললৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in