ডিজিটেল সংবাদ, বেকাজানঃ সংশ্লিষ্ট বিভাগৰ বিষয়াৰ চূড়ান্ত হেমাহিৰ আৰু দায়িত্বতহীনতাৰ বাবে সম্প্ৰতি অসম বীজ নিগমৰ অধীনৰ তিতাবৰ মহকুমাৰ বৰহোলাৰ চেৰেলীপথাৰ বীজপামৰ প্ৰায় ৮৫ বিঘা পকাধান নষ্ট হোৱাৰ উপক্ৰম হৈছে । বৰহোলাৰ স্থানীয় ৰাইজে 'অসমীয়া প্ৰতিদিনডিজিটেলক ' অভিযোগ কৰামতে অসম চৰকাৰে ১৯৬২ চনতে ধানৰ বীজ উৎপাদন কৰিব বাবে বৰহোলাৰ চেৰেলীপথাৰত প্ৰায় ৯০ বিঘা ভূমি সামৰি বিশাল ছীডফাখনি প্ৰতিষ্ঠা কৰিছিল ।
অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা এছিয়াৰ বৰ্ণসংকৰ উন্নত জাতৰ ধান বীজ প্ৰতিবছৰে উৎপাদন কৰা ছীডফাখনি সম্প্ৰতি অসম বীজ নিগমৰ চূড়ান্ত হেমাহি আৰু বিষয়াৰ দায়িত্বতহীনতাৰ বাবে তিলতিলকৈ ধবংসমুখলৈ গতি কৰিছে । শেহতীয়াকৈ চেৰেলীপথাৰ বীজপামৰ শাখা পৰিচালক হেমন্ত বৰুৱা অৱহেলা আৰু চূড়ান্ত দুৰ্নীতিৰ বাবে বীজৰ বাবে উৎপাদন কৰা প্ৰায় ৮৫ বিঘা পকাধান পথাৰতে উৱলি যোৱাৰ উপক্ৰম হৈছে ।
ৰাইজে অভিযোগ কৰামতে বীজপামখনত কঠিয়াৰ বাবে উৎপাদন কৰা উন্নত জাতৰ বাহাদুৰ আৰু ৰঞ্জিত ধান পকী মৰহি গৈছে যদিও আজিলৈকে দাবলৈ ব্যৱস্থা কৰা নাই , যাৰ যিকোনো মূহুৰ্তত বৰষুণ আহিলে এই ৮৫ বিঘাৰ ধান বীজ পথাৰতে নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে । তদুপৰি বিশাল বীজপামখনৰ চৌহদত কোনো বেৰা ফেন্সিঙ নথকাৰ বাবে উদঙিয়া গৰু -মহে পকাধান খাই নষ্ট কৰিছে । মাত্ৰ এজন মহৰী আৰু দুজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে ৮৫ বিঘা পকাধানৰ উন্মুক্ত ছীডফাখনি দিনে -নিশাই পহৰা দিয়া কঠিন হৈ পৰিছে ।
যাৰ সোণকালে ধানখিনি দোৱাৰ ব্যৱস্থা কৰিবলৈ বীজ নিগমক আহবান জনাইছে । ইফালে ২০১২ বৰ্ষত ১ কোটি ৩০ লাখ টকাৰে ছীডফাখনিত নিৰ্মাণ কৰা ভঁৰালৰ ঘৰটো চলিত বৰ্ষত ধুমুহাই উৰুৱাই নিয়াৰ পিছত আজিও বিভাগে মেৰামতি নকৰিলে । যাৰ বাবে ভঁৰালৰ ঘৰটো নষ্ট হবলৈ ধৰিছে । উল্লেখযোগ্য যে ২০১৯ বৰ্ষত প্ৰায় তিনিশ কুইণ্টল উন্নত জাতৰ ধানৰ বীজ উৎপাদন কৰা চেৰেলীপথাৰ ছীডফাখনি সু পৰিচালনা অভাৱৰ বাবে এতিয়া এনেকৈ তিল তিলকৈ মৃত্যুৰ ক্ষন গনিছে ।
কৰ্তৃপক্ষই অৱহেলা আৰু চৰকাৰে খেতি কৰিবলৈ উপযুক্ত আহিলা আৰু সম্পদ যোগান নধৰাৰ বাবে এছিয়াৰ বৃহত্তম ধানৰ বীজপামখনি একাংশ লোকৰ বেদখলৰ কবলত পৰিছে । জানিব পৰামতে বীজপামৰ বৰ্তমানৰ পৰিচালক হেমন্ত বৰুৱাই চলিত জুলাই মাহত কঠিয়া ৰোৱা একাংশ ৰোৱনীক দিবলগীয়া আঢ়ৈ লাখ টকাৰ পাৰিশ্ৰমিকৰ ভিতৰত এতিয়াও ৫০ হাজাৰ টকা আদায় নিদিয়াৰ অভিযোগ উঠিছে ।
তদুপৰি পৰিচালক হেমন্ত বৰুৱা ছীডফাখনি পৰিদৰ্শন কৰিবলৈ প্ৰায়ে নাহে যাৰ বাবে বীজপামৰ তিনিগৰাকী কৰ্মচাৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈছে । সম্প্ৰতি বৰহোলাৰ ৰাইজে ছীডফাখনি চৌহদত বেৰা এগৰাকী ক্ষেত্ৰ পৰিচালক , ধান দোৱা আৰু ধানমৰা মেচিন যোগান ধৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ আহবান জনাইছে