বেৰুটত সংঘটিত ভয়াৱহ বিস্ফোৰণত ১০০জনৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ…

741

ডিজিটেল ডেস্কঃ মঙলবাৰে লেবনানৰ ৰাজধানী বেৰুটত সংঘটিত ভয়ানক বিস্ফোৰণত বৰ্তমানলৈ প্ৰায় ১০০জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। লেবনানী ৰেড ক্ৰ’ছে এই সন্দৰ্ভত সদৰী কৰিছে এই কথা। ইফালে, মঙলবাৰৰ নিশালৈকে এই বিস্পোৰণত ৭০জনকো লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছিল।

ইপালে, ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি প্ৰায় ৩৭০০জন লোক এই বিস্ফোৰণত আহত হৈছে। অৱশ্যে মৃত্যু আৰু আহত হোৱা লোকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰা হৈছে। আনহাতে, স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি বেৰুটৰ সাগৰৰ পাৰৰ এলেকাত এই বিস্ফোৰণ সংঘটিত হৈছিল।

এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে, ইয়াৰ ফলত চহৰখনৰ বহু কেইটা অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে বেৰুট চহৰত সংঘটিত এই বিস্ফোৰণত বহু লোকৰ মৃত্যু হোৱাক লৈ শোক ব্যক্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি