বীৰ লাচিত সেনাৰ উদ্যোগত শিমলুগুৰিত প্ৰতিবাদী সমদল…

বীৰ লাচিত সেনাৰ উদ্যোগত শিমলুগুৰিত প্ৰতিবাদী সমদল…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুগুৰিত আজি বীৰ লাচিত সেনাৰ উদ্যোগত সন্ধ্যা ৬ বজাত শিমলুগুৰি ব্যৱসায়ী কেন্দ্ৰস্থলৰ পৰা এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ হয় । এ পি এছ চিত অসমীয়া প্ৰশ্নকাকত বাতিল কৰা আৰু প্ৰতিটো সমষ্টিত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি উক্ত সমদল বাহিৰ কৰে ৷ বীৰ লাচিত সেনা, অসমৰ অবিভক্ত ৰাজগড়- শিমলুগুৰি আঞ্চলিক সমিতিয়ে উলিওৱা সমদলত অংশগ্ৰহণকাৰীসকলে- আমাৰ ভাষা আমাৰ মাত ৰাখিবলৈ কৰিম জীৱন পাত, আজি ভাষা সংকটত হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, বীৰ লাচিত সেনা জিন্দাবাদ, জয় আই অসম, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে শিমলুগুৰিৰ আকাশ-বতাহ । জোঁৰ সমদলত অংশগ্ৰহণকাৰীসকলে -জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনে ভাষাক লৈ ষড়যন্ত্ৰ চলাইছে ৷ ইয়াক কেতিয়াও মানি লোৱা নহ'ব ৷

এ পি এছ চি পৰীক্ষাত অসমীয়া প্ৰশ্ন কাতত আঁতৰোৱা আৰু প্ৰতিটো সমষ্টিত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক কোনোপধ্যে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে৷ ইফালে, সংগঠনটোৱে অসমীয়া ভাষাৰ ওপৰত কোনো যাতে আঁছুৰ নপৰে তাৰ লগতে ১২ দফীয়া এখনি দাবী চনদ চৰকাৰলৈ প্ৰেৰণ কৰে৷ চৰকাৰে এইসমূহ দাবী মানি নল'লে অনাগত দিনত অসমীয়া ভাষা ৰক্ষাৰ সংগ্ৰাম ইয়াতকৈ ভয়ংকৰ হ'ব বুলিও অৱগত কৰে৷ জোঁৰ সমদলত সংগঠনটোৰ বহু সংখ্যক বিষয় ববীয়াই অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in