গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীয়ে ক’লে – গোমাংস ভাৰতবাসীৰ জাতীয় ব্যঞ্জন…

গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীয়ে ক’লে – গোমাংস ভাৰতবাসীৰ জাতীয় ব্যঞ্জন…

ডিজিটেল ডেস্ক : গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এক নিৰ্বাচনী সভাত গোমাংস ক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল । ভাৰতবাসীৰ জাতীয় ব্যঞ্জন গোমাংস বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। তেওঁ লগতে প্ৰশ্ন কৰে- কেনেকৈ গো মাংস নিষিদ্ধ কৰিব পাৰে ? গোমাংস ভাৰতবাসীৰ জাতীয় ব্যঞ্জন। গৌৰীপুৰৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।

বিজেপি প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে গো মাংস আন্তৰ্জাতিক ব্যঞ্জন ।অসমৰ গ্ৰাম্য অঞ্চলৰ শিক্ষিত মুছলমানসকলে বুজিব লাগে যে কোনেও অসম বা ভাৰতৰ যিকোনো স্থানত গোমাংস বিক্ৰী নিষিদ্ধ কৰিব নোৱাৰে । বিজেপিয়ে দেশত গো মাংস বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাইছিল । কিন্তু মুছাহাৰীৰ এই মন্তব্যই নিজ দলটোৰে মতাদৰ্শ আৰু নীতিৰ বিৰোধিতা কৰা দেখা যায় ।

ইফালে, জিলা খনৰ বিজেপি কৰ্মীসকলে মুছাহাৰীৰ এই মন্তব্য সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে আৰু তেওঁক ক্ষমা বিচাৰিবলৈ দাবী জনায় । তদুপৰি পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চৰ সদস্যই দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ বাবে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in