গীত,নৃত্য, স্মৃতি ৰোমন্থনেৰে জীপাল চৰাইবাহী মহাবিদ্যালয়…

গীত,নৃত্য, স্মৃতি ৰোমন্থনেৰে জীপাল চৰাইবাহী মহাবিদ্যালয়…

ডিজিটেল সংবাদ, বেবেজীয়াঃ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ঐতিহ্যমণ্ডিত অগ্ৰনী শিক্ষানুষ্ঠান চৰাইবাহী মহাবিদ্যালয়ত দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ স্মৃতি ৰোমন্থন, গীত, নৃত্যৰে জীপাল হৈ পৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন খনি সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° কমল চন্দ্ৰ নাথে৷ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষৰ তত্ত্বাৱধায়ক ড° বিজয় কুমাৰ নাথে আতধৰা এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন খনিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চৰাইবাহী মহাবিদ্যালয়ৰ প্ৰথম গৰাকী স্নাতক তথা বৰ্তমানৰ চৰাইবাহী শঙ্কৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানৰ আচাৰ্য ভাগ্য ৰাম নাথে৷

 এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলে মহাবিদ্যালয় খনত অধ্যয়ন কৰা মূহূৰ্ত বোৰৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে৷ উক্ত অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে কেৱাগৰাকী প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে গীত পৰিৱেশ কৰাৰ লগতে নৃত্যও প্ৰদৰ্শন কৰে৷ আনহাতে আজি অনুষ্ঠিত প্ৰাক্তন ছাত্ৰছাত্ৰীৰ প্ৰীতি সন্মিলনতে প্ৰাক্তন ছাত্ৰ ভাগ্যৰাম নাথক সভাপতি আৰু দিপুল কুমাৰ নাথক সম্পাদক হি চাপে লৈ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মিলনৰ এখন সমিতি গঠন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in