বেবেজীয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ…

বেবেজীয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ…

ডিজিটেল সংবাদ বেবেজীয়াঃ পেট্ৰল, ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু আন সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে বেবেজীয়াত সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তিৰ কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায় হায় , যোগান মন্ত্ৰী মূৰ্দাবাদ আদি ধ্বনি দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বেবেজীয়াত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰি তোলে ৷

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰে শক্তিশালী পদক্ষেপ নোলোৱাত চৰকাৰক কঠোৰ সমালোচনা কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি ৰাজপথ উত্তাল কৰি তোলে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিৰ সাধাৰন সম্পাদক জিতেন বৰাৰ নেতৃত্বত কৃষক মুক্তিৰ সদস্য সকলে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in