শেহতীয়া খবৰ
সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...  •  দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO  •  গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী  •  নলবাৰীত ৭১ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

২০১৯ৰ বিশ্বকাপত ‘বিশেষ ষ্টাৰ’ হৈ পৰা টীম ইণ্ডিয়াৰ চুপাৰফেন চাৰুলতা পেটেল আৰু নাই!

278

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ চুপাৰফেন হিচাপে পৰিচিত চাৰুলতা পেটেল আৰু নাই! সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চাৰুলতা পেটেলে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কাৰণত অসুস্থতাত ভূগি আছিল। চাৰুলতা পেটেলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে।

২০১৯ৰ লণ্ডনত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত বিশেষ চৰ্চা লাভ কৰিছিল চাৰুলতা পেটেলে। বিশেষকৈ ভাৰত-বাংলাদেশৰ খেলৰ দিনা হুইল চেয়াৰত বহি তেওঁ পাইছিল ষ্টেডিয়ামত। অন্য দৰ্শকৰ দৰে তেওঁ পেঁপা বজাই আৰু ভাৰতৰ পতাকা হাতত লৈ দলটোৰ প্ৰতি প্ৰদৰ্শন কৰিছিল সমৰ্থন।

সৰুৰে পৰাই ক্ৰিকেট বুলিলে বলিয়া চাৰুলতা পেটেলে অসুস্থতাৰ মাজতো এনেদৰে ষ্টেডিয়ামত উপস্থিত থাকি ভাৰতীয় দলটোক সমৰ্থন জনোৱা বাবে ব্যক্তিগতভাৱে তেওঁক সাক্ষাৎ কৰি ধন্যবাদ জনাইছিল অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। বিশ্বকাপত এনেদৰে চৰ্চাৰ শীৰ্ষত থকা চাৰুলতা পেটেলে পৰৱৰ্তী সময়ত পেপছিক’ কোম্পানীৰ এক বিজ্ঞাপনতো অংশ লোৱাৰ সুযোগ লাভ কৰিছিল।

ক্ৰিকেটৰ অনুৰাগী চাৰুলতা পেটেলৰ দেহাৱসানত দুখ ব্যক্ত কৰিছে বিচিচিআইয়ে। টুইটত বিচিচিআইয়ে শোক ব্যক্ত কৰি লিখিছে, ‘ভাৰতীয় দলৰ চুপাৰফেন চাৰুলতা পেটেল সদায় আমাৰ অন্তৰৰ মাজত থাকিব। খেলৰ বাবে থকা তেওঁৰ অদম্য ইচ্ছা প্ৰেৰণা হৈ ৰ’ব চিৰদিন। ইশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি