বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালকে মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে অংক’লজী বিষয়ক গ্ৰন্থ…

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালকে মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে অংক’লজী বিষয়ক গ্ৰন্থ…

ডিজিটেল ডেস্কঃ ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল চন্দ্ৰ কটকীৰ দ্বাৰা সম্পাদিত 'এ বুক অন প্ৰিঞ্চিপলছ এণ্ড প্ৰেকটিচ অৱ অংক'লজী' শীৰ্ষক এখন গ্ৰন্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰা হয়। গ্ৰন্থখন আজাদী কা অমৃত মহোৎসৱ আৰু ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ অভিযানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা হৈছে।

ড০ অমল চন্দ্ৰ কটকীৰ মতে- কিতাপখন সম্ভৱত ভাৰতৰ পৰা প্ৰকাশিত অংক'লজীৰ ওপৰত সবাতোকৈ বিস্তৃত কিতাপ। অংক'লজীৰ তত্ব আৰু অনুশীলনৰ বিষয়ে গ্ৰন্থখন ১০১৯ পৃষ্ঠাত সামৰি লোৱা হৈছে। গ্ৰন্থখনত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৭৬জন অনুষদ আৰু ভাৰত তথা বিদেশৰ প্ৰতিষ্ঠিত কৰ্কট কেন্দ্ৰৰ ৩০জন লেখকে লিখিছে।

উল্লেখ্য যে, গ্ৰন্থখন ৰাজ্যপাল জগদীশ মুখীয়ে মুম্বাইৰ টাটা মেম'ৰিয়েল কেন্দ্ৰৰ সঞ্চালক ড০ ৰাজেন্দ্ৰ এ বদৱেৰ উপস্থিতিত গুৱাহাটীৰ ৰাজভৱনত যোৱা ১৪ ডিচেম্বৰ, ২০২১ তাৰিখে উন্মোচন কৰিছিল। কিতাপখনৰ প্রথম প্ৰতিলিপিটো উন্মোচনৰ পূৰ্বে ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ওচৰত ৭ ডিচেম্বৰ, ২০২১ত মুম্বাইৰ টাটা মে'মৰিয়েল কেন্দ্ৰৰ শৈক্ষিক সঞ্চালক ড০ এছ এইচ বানাৱালি আৰু নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক তথা মেডিকেল অংক'লজীৰ মুৰব্বী ড০ ললিত কুমাৰৰ উপস্থিতিত উপস্থাপন কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in