বটদ্ৰৱাৰ হালধিআটী গাঁৱৰ মিন্টু প্ৰভা বৰদলৈৰ বিয়োগ…

বটদ্ৰৱাৰ হালধিআটী গাঁৱৰ মিন্টু প্ৰভা বৰদলৈৰ বিয়োগ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী হালধিআটী গাঁৱৰ নিৱাসী মিন্টু প্ৰভা বৰদলৈৰ যোৱা নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। ৪৩ বছৰীয়া মিন্টু প্ৰভা বৰদলৈ  নিশা হথাৎ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ঢলি পৰে লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও নিশাই চিকিৎসাৰত অৱস্থাত মৃত্যু হয়।

এক শৰণ নাম ধৰ্ম জনজাতি সমাজৰ শ্ৰীমন্ত শংকৰ দেৱ প্ৰাৰ্থমিক শাখাৰ আগশাৰীৰ কৰ্মী হোৱাৰ লগতে বৰদলৈ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল৷ ধৰ্মপ্ৰাণ, সৰবৰহী, মহিলা গৰাকীৰ আকস্মিক বিয়োগত একশৰণ নামধৰ্ম জনজাতি সমাজৰ শ্ৰীমন্ত শংকৰ দেৱ প্ৰাথমিক শাখাৰ ভক্তপ্ৰাণ ৰাইজ, হালধিআটি গাঁৱৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত মিন্টু প্ৰভা বৰদলৈয়ে স্বামী, একমাত্ৰ পুত্ৰ, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in