অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ পদক্ষেপ

অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কৃষি কাৰ্যৰ লগতে উন্নত প্ৰজাতিৰ হাঁহ পালনৰ জড়িয়তে গাঁৱৰ মহিলা সকলৰ আয় দুগুণীকৰন কৰি অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত শনিবাৰে এখনি হোৱাইট পেকিন হাঁহ(White Pekin Duck) গাঁও উন্মোচন কৰা হয়। নগাঁও জিলাৰ হালোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেৰভেৰী গাঁও খনক হোৱাইট পেকিন হাঁহ গাঁও হিচাপে উন্মোচন কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই।

"এই উন্নত প্ৰজাতিৰ হোৱাইট পেকিন হাঁহ সমূহ সমন্বিত প্ৰচেষ্টাৰে ব্যবসায়ীক ভিত্তিত পালন কৰিলে গাঁৱৰ মহিলাসকলৰ আয় বৃদ্ধিৰ লগতে মহিলা সকলে নিজৰ স্বাস্থ্যসন্মত খাদ্য লাভ কৰিব" বুলি মন্তব্য প্ৰদান কৰে অনিমেশ ডেকাই।কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ অৰ্থনীতি বিজ্ঞান বিষেশজ্ঞা ড০ চিংকি বৰ্মনৰ লগতে অঞ্চলটোৰ অৰ্ধশতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত উন্মোচন কাৰ্যসূচীত গাঁও খনৰ প্ৰগতিশীল মহিলা কৃষক সকলক ২৫০ টা হোৱাইট পেকিন হাঁহ বিতৰণ কৰা হয়। অনুষ্ঠানত হাঁহ সমূহ প্ৰতিপালনৰো প্ৰশিক্ষণ প্ৰদান কৰে ড০ অনিমেশ ডেকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in