বটদ্ৰৱাত মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি উদযাপন…

বটদ্ৰৱাত মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি উদযাপন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰী মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো নাম-কীৰ্তনৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীলৈ পৰিনত হৈ পৰিছে।

মাধৱ গুৰুজনাৰ কীৰ্তন উপলক্ষে পুৱাৰে পৰা ভক্ত বৈষ্ণবৰ আগমন ঘটিছে বটদ্ৰৱা থানলৈ। পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া প্ৰসংগৰ পাছত পৰম্পৰাগত দধীমথন ভাওনাৰ নাট ভাগ গায় পৰম্পৰা ৰক্ষা কৰিব।

কোভিড প্ৰট'কল ৰক্ষা কৰি ৫০ শতাংশ ভক্ত বৈষ্ণবৰ উপস্থিতিত এইবাৰ বটদ্ৰৱা থানত মাধৱদেৱৰ তিথি উদযাপন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in