শেহতীয়া খবৰ
অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...

অকলশৰীয়া বৃদ্ধক নিশা ডকাইতৰ দলে বান্ধি চলালে লুটপাত…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ সমীপতে বুধবাৰে নিশা ডকাইতি কাণ্ড সংঘটিত হয়। অকলসৰে থকা এজন বৃদ্ধক দুজনীয়া ডকাইতৰ দলে বান্ধি লুটপাত কৰে। বটদ্ৰৱা থানৰ নিচেই সমীপৰ সৰুহিছা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম কলিতা(৭৮) ই নিশা ২ বজাত প্ৰেচাব কৰিবলৈ উঠাৰ সময়তে দুজনীয়া ডকাইতৰ দলে সংগোপনে ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰ(ডেগাৰ) দেখুৱাই হাত বান্ধি লৈ লুটপাত চলাই। ডকাইতে শোৱনি কোঠাৰ টেবুলৰ ড্ৰয়াৰৰ পৰা এহেজাৰ টকাৰ লগতে ত্ৰিশ হাজাৰ টকা মূল্যৰ এটা স্মাৰ্ট ফোন, টৰ্চ আদি সামগ্ৰী লুট কৰি লৈ যায়। ঘটনা সন্দৰ্ভত ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি