ৰাস উৎসৱৰ মণ্ডপে মণ্ডপে সাংসদ গৌৰৱ গগৈ, ৰাইজক জনাইছে শৰতৰ শুভকামনা…

ৰাস উৎসৱৰ মণ্ডপে মণ্ডপে সাংসদ গৌৰৱ গগৈ, ৰাইজক জনাইছে শৰতৰ শুভকামনা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গাওঁসমূহত শুকুৰবাৰে নিশা খোল-তালৰ মধুৰ ধ্বনিৰ মাজত "আহা-আহা সখীসৱ বৃন্দাৱনে যাওঁ…" গীতেৰে শৰতৰ পূৰ্ণিমাত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদ্‌যাপন হৈছে। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰ আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগতো শুক্ৰবাৰে নিশা অনুষ্ঠিত হয় কেলিগোপাল নাট। যত ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলাত বুৰ হৈছে শ শ দৰ্শক।

ইফালে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাক লগক লৈ বটদ্ৰৱা সমষ্টিৰ বিভিন্ন গাঁৱত অনুষ্ঠিত ৰাস উৎসৱত উপস্থিত হৈ সকলোকে শৰতৰ শুভকামনা জ্ঞাপন কৰিছে। তেওলোক বটদ্ৰৱাৰ হাতিচোং মৌজাৰ আতাইতকৈ পুৰনি ৰাস উৎসৱ কুৰুৱাবাহী সত্ৰত উপস্থিত হৈ আপ্লুত হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in