মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী উৎসৱ…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী উৎসৱ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত তেৰাৰ ৫৭৩ সংখ্যাক জন্ম জয়ন্তী উৎসৱ ভাগ অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি ১৪ অক্টোবৰ, বৃহস্পতিবাৰে পুৱা তালকোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গ আৰু দুপৰীয়াৰ মূল নাম প্ৰসঙ্গ অনুষ্ঠিত হ'ব।

ইয়াৰ পিছতে প্ৰসাদ বিতৰণী অনুষ্ঠান আৰু বিয়লিৰ ভাগত থানৰ নিত্য নৈমিত্তিক চৈধ্য প্ৰসঙ্গৰ উপৰিও বিয়লি থানৰ নাটঘৰত ভকত বৈষ্ণৱ, আইমাতৃসকলৰ উপস্থিতিত গুৰু চৰিত পাঠ কৰা হ'ব। ১৫ অক্টোবৰৰ শুক্ৰবাৰে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম, লগতে পুৱা বটদ্ৰৱাৰ শলগুৰি, নৰোৱা সত্ৰ পদক্ষিন কৰি ভকত বৈষ্ণৱে উষা কীৰ্তন কৰিব।

ইয়াৰ পিছতে স্থানীয় নামতি দলে আকাশীগঙ্গাৰ তীৰৰ আইখেৰসূঁতি সাংস্কৃতিক মঞ্চত দিহানাম পৰিৱেশন কৰিব। দুপৰীয়া মূল নাম প্ৰসঙ্গৰ পিছতে বিয়লি ২ বজাৰ পৰা নাটঘৰ চৌহদত চৰিত পাঠ অনুষ্ঠান অনুষ্ঠিত হ'ব। বিয়লি ৩ বজাৰ পৰা আইখেৰসূঁতি সাংস্কৃতিক মঞ্চত দিহানাম সমাৰোহ আৰু
সন্ধিয়া ৫ বজাত বটদ্ৰৱা থানৰ চৌহদ, আকাশীগঙ্গা চৌহদ, দৌল মন্দিৰ আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰৰ উপৰিও বটদ্ৰৱা থানৰ সকলোবোৰ প্ৰৱেশদ্বাৰত মিঠাতেলৰ বন্তিচাকিৰ উজ্বল আলোকেৰে আলোকিত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হ'ব।

তদুপৰি গুৰুজয়ন্তীৰ লগত সংগতি ৰাখি বটদ্ৰৱাৰ দুয়োখন ঐতিহ্যময় সত্ৰৰ প্ৰতিঘৰ ভকত বৈষ্ণৱৰ পদুলিয়ে পদুলিয়ে কলৰ পুতি স্থাপন কৰি বন্তি প্ৰজ্বলনৰ দৃষ্টিনন্দন পৰিৱেশে অঞ্চলটোৰ সত্ৰ পৰম্পৰাৰ ঐতিহ্যময় ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব। উল্লেখ্য যে পূৰ্বৰ বছৰ সমূহত বটদ্ৰৱা থানত জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণভাবে তিনি-চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল।

কিন্তু বিগত ২০২০ বৰ্ষৰ পৰা সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা মহামাৰীৰ বাবে এনেদৰে অনুষ্টুপীয়াকে সীমিত কাৰ্যসূচীৰে জন্মজয়ন্তী উৎসৱ ভাগ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in