শিল্পী শান্তি শংকৰ দাসগুপ্তাৰ জীৱনযোৰা সাধনাৰ প্ৰতি শ্ৰদ্ধাঃ গুৰুদক্ষিণা শীৰ্ষক বিশেষ অনুষ্ঠান সম্পন্ন…

শিল্পী শান্তি শংকৰ দাসগুপ্তাৰ জীৱনযোৰা সাধনাৰ প্ৰতি শ্ৰদ্ধাঃ গুৰুদক্ষিণা শীৰ্ষক বিশেষ অনুষ্ঠান সম্পন্ন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ২০১১ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰা ধ্ৰুপদী নৃত্য শিল্পী শান্তি শংকৰ দাসগুপ্তাৰ জীৱনযোৰা সাধনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি নগাঁও বেংগলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুৰুদক্ষিণা শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশৰ নৃত্যাংগন মিউজিক এণ্ড ডাঞ্চ একাডেমীৰ অধ্যক্ষ বিশিষ্ট শিল্পী অমিত কুমাৰ মুখাৰ্জীৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তই আৰু বৰগীত পৰিৱেশন কৰে হোমাশ্ৰীতা শইকীয়াই।

ৰূপ কুমাৰ মুখাৰ্জীয়ে উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত গুৰুবন্দনা শীৰ্ষক এক ধ্ৰূপদী গীত নৃত্যৰ মনোমোহা অনুষ্ঠান পৰিবেশন কৰে শিল্পী অমিত কুমাৰ মুখাৰ্জীয়ে। পিয়ালী চক্ৰবৰ্তীয়ে বিষ্ণু ৰাভা গীত পৰিবেশন কৰাৰ পাছত ৮৭ বছৰীয়া বিশিষ্ট শিল্পী শান্তি শংকৰ দাসগুপ্তক প্ৰশস্তি পত্ৰ, গামোচা, শৰাই, ধৰ্ম বস্ত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

ননৈ মহাবিদ্যালয়ৰ অধ্যাপিকা কবিতা কুশ্ৰে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও বেংগলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ মজুমদাৰ, দিপ্তী দাসগুপ্তা, জুলফিকৰ হুছেইন, ইন্দ্ৰানী বৰা, আসিত চক্ৰবৰ্তীকে প্ৰমুখ্য কৰি কেইবাগৰাকী শিল্পী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in