বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক…

বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আজি ঘোষিত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰত আনন্দৰ বন্যা বৈছে। কিন্তু এক বিশেষ পৰিয়ালত পৰীক্ষাত উত্তীৰ্ণৰ পিছতো কান্দোনৰ ৰোল উঠিল। এজনৰ ফলাফলত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। কাৰণ ৰিজাল্ট ল'বলৈ এতিয়া ঘৰখনত নাই সেই শিক্ষাৰ্থী।

জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাইবেৰাৰ আশ্বিকুল ইছলামৰ ফলাফলত ঘৰত শোকাকুল পৰিবেশ সৃষ্টি হৈছে। দেশ কঁপাই যোৱা বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰাৰ পিছত অভিযান কালত আৰক্ষীৰ বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটি লৈছিল আশ্বিকুলে।

দুচকুত অযুত সপোন লৈ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা প্ৰথম গৰাকী সদস্যই প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজি উত্তীৰ্ণ হোৱাৰ পিছতো ফলাফল শুনিবলৈ নাপালে আশ্বিকুলে। পৰিয়ালৰ লোকে এতিয়া ফলাফলৰ আনন্দৰ বিপৰীতে আশা পালি আছে ন্যায় পালিকাৰ ওপৰত। উল্লেখ্য যে, আশ্বিকুল ইছলামে ২১৮ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in