দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ বাবে মাটি বন্ধকত দি আনিছিল ধনঃ ডকাইতে নিলে সকলো কাঢ়ি

দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ বাবে মাটি বন্ধকত দি আনিছিল ধনঃ ডকাইতে নিলে সকলো কাঢ়ি

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ ভোমোৰাগুৰিত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমনৰ ভয় দেখুৱাই লুটি নিলে ২০ হাজাৰ টকা। মুখত ক'লা কাপোৰ বান্ধি অহা ডকাইতে গৰ্ভৱতী মহিলা গৰাকীক পেটত গুৰিয়াই, ডিঙিত চোকা অস্ত্ৰ ৰাখি লুটি নিলে ধন।

দৰিদ্ৰ পৰিয়ালটোৱে গৰ্ভৱতী মহিলাগৰাকীৰ চিকিৎসাৰ বাবে মাটি বন্ধক দি আনি থৈছিল ২০ হাজাৰ টকা। টকা খিনি লুটি নিয়াত দৰিদ্ৰ পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰিছে। ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈছে আৰক্ষীৰ লোক। যাৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে স্বামী-স্ত্ৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in