আৰ্থিক দৈন্যতাকো নেওচি উজ্বলিল বটদ্ৰৱাৰ মৃদুস্মিতা, জ্যোতিকা, ৰাজশ্ৰী, অনামিকা…

আৰ্থিক দৈন্যতাকো নেওচি উজ্বলিল বটদ্ৰৱাৰ মৃদুস্মিতা, জ্যোতিকা, ৰাজশ্ৰী, অনামিকা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আৰ্থিক দৈন্যতাক তীব্ৰ প্ৰত্যাহ্বান জনাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে নগাঁও জিলাৰ বটদ্ৰৱাৰ চাৰি গৰাকী ছাত্ৰী। ভেটিয়নী গাঁও নিবাসী দৰিদ্ৰ কৃষক প্ৰভাত শইকীয়া আৰু প্ৰণতি শইকীয়াৰ জীয়ৰী মৃদুস্মিতা শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ ৫৫২ নম্বৰ (৯২%) সহ ডিষ্টিংচন লাভ কৰি আৰ্থিক দৈন্যতা যে মেধাৰ বাবে প্ৰাচীৰ নহয় তাকে প্ৰমান কৰিলে।

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মৃদুস্মিতা শইকীয়াই আৰ্থিক অবস্থাৰ বাবে ক'ত নামভৰ্তি কৰিব সেয়া এতিয়ালৈ সিদ্ধান্ত লোৱা নাই। ভবিষ্যতে সৎ মানুহ হৈ সমাজৰ কাম কৰাৰ হেপাহ মৃদুস্মিতাৰ।

ইফালে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বটদ্ৰৱা ভেটিয়নী গাঁৱৰে চাহ দোকানী বকুল শইকীয়া আৰু ইতি শইকীয়াৰ জীয়ৰী জ্যোতিকা শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ ৫৪৯ নম্বৰ (৯১%) সহ ডিষ্টিংচন লাভ কৰাৰ উপৰিও উচ্চ গনিতত ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰে। দৰিদ্ৰতা যে বাধাৰ প্ৰাচীৰ নহয় তাক প্ৰমান কৰা জ্যোতিকা শইকীয়াও বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী।

আৰ্থিক অবস্থাৰ বাবে ক'ত নামভৰ্তি কৰিব সেয়া এতিয়ালৈ সিদ্ধান্ত লোৱা নাই ছাত্ৰী গৰাকীৰ অভিভাৱকে। ভবিষ্যতে চিকিৎসক হোৱাৰ হেপাহ জ্যোতিকা শইকীয়াৰ।

আনহাতে বটদ্ৰৱা সৰুহিছা গাঁৱৰ ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা গৌতম বৰা আৰু তৰালী বৰাৰ জীয়ৰী ৰাজশ্ৰী বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে অসমীয়া আৰু সংস্কৃতত লেটাৰ পাইছে। লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী কহুৱাআটি ডি আৰ বি হাইস্কুলৰ ছাত্ৰী অনামিকা বৰদলৈ কচই ৬৪.১৬ % নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

অনামিকাৰ পিতৃ বগৰিআটি গাঁৱৰ ক্ষিতিশ বৰদলৈ কচ এগৰাকী অতি দৰিদ্ৰ ব্যক্তি। পিতৃ ক্ষিতিশ বৰদলৈ কচ আৰু দুলু বৰদলৈ কচই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে। বটদ্ৰৱা অঞ্চলৰ এই চাৰি গৰাকী বোকাৰ পদুম সদৃশ ছাত্ৰীৰ ফলাফলত অঞ্চলটোৰ বিভিন্ন জনে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in