সময় থাকোতেই বৰদোৱা থুলৰ সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰকঃনৃত্যাচাৰ্য,পদ্মশ্ৰী যতিন গোস্বামী

সময় থাকোতেই বৰদোৱা থুলৰ সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰকঃনৃত্যাচাৰ্য,পদ্মশ্ৰী যতিন গোস্বামী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ 'গুৰুজনাৰ নিজ জন্মস্থানতে তেৰাৰ অপূৰ্ব সত্ৰীয়া সংস্কৃতি এতিয়া বিপদাপন্ন ৷ দিনক দিনে বৰদোৱা থুলৰ আপুৰুগীয়া এই সংস্কৃতি পাহৰণিৰ গৰ্ভত ৷' এই মন্তব্য নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীৰ ৷ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত দৌলোৎসৱৰ শনিবাৰৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি অতি আক্ষেপেৰে মহাপুৰুষজনাৰ জন্মস্থানতে সত্ৰীয়া সংস্কৃতি হেৰায় যোৱাটো অত্যন্ত দুখজনক কাৰ্য বুলি মন্তব্য আগবঢ়ায় ৷

২০ মাৰ্চৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ শণিবাৰে চতুৰ্থদিনৰ কাৰ্যসূচীৰ শেষৰ অনুষ্ঠান ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভাৰতীয় সাংস্কৃতিক সমন্ধ পৰিষদৰ সৌজ্যনত গুৱাহাটী সত্ৰীয়া একাডেমী শিল্পীবৃন্দৰ দ্বাৰা 'সত্ৰীয়া নৃত্যৰ এটি গধুলি' শীৰ্ষক সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰি নৃত্যাচাৰ্যগৰাকীয়ে কয় 'যি সময়ত বৰদোৱা থুলৰ আপুৰুগীয়া সত্ৰীয়া নৃত্যই ভাৰতবৰ্ষৰ ভিন্ন স্থানত প্ৰচাৰ প্ৰসাৰ লাভ কৰিব লাগিছিল সেই সময়ত তেৰাত জন্মস্থানতে ইয়াৰ চৰ্চা নোহোৱাটো অতি অাশ্বৰ্যকৰ বিষয় ৷ বৰ্তমান সময়ত বৰদোৱা থুলৰ স্থান লৈ কমলাবাৰী থুলৰ সত্ৰীয়া নৃত্যই চৌদিশে বিশেষ প্ৰচাৰ প্ৰসাৰ লাভ কৰিছে ৷ এই ক্ষেত্ৰত বটদ্ৰৱা থান পৰিচালনা সমিতিক গুৰুত্বসহকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় পদ্মশ্ৰী যতীন গোস্বামীয়ে ৷

সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজী কলিতা ৷ অনুষ্ঠানৰ আৰম্ভনীতে উদ্যোক্তাসকলে মুখ্য অতিথি পদ্মশ্ৰী নৃত্যাচাৰ্যগৰাকীৰ লগতে বিশিষ্ট অতিথিদ্বয়ক ধৰ্মবস্ত্ৰ, চেলেং, শৰাই, কুহিলা কঠ, স্মৃতিগ্ৰন্থ আদিৰে উষ্ম আদৰণি জনায় ৷ আৰক্ষী বিষয়া ৰৌজী কলিতাই নিজৰ ভাষনৰ আৰম্ভনীতে গুৰুজনাক স্মৰন কৰি নগাঁও আৰক্ষী সদায় ৰাইজৰ সহায় আৰু সেৱাত ব্ৰতী বুলি কৈ বৰদোৱাৰ দৌলোৎসৱৰ লক্ষ লক্ষ লোকৰ সমাগমৰ পিছতো বিগত চাৰিটা দিন অতি সুন্দৰ আৰু নিয়াৰিকৈ অতিবাহিত হোৱাৰ ক্ষেত্ৰত সহযোগ কৰাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সকলো ৰাইজক উদ্দেশ্য কৰি আহ্বান কৰে -'আহক আমি সকলো মিলি আমাৰ সংস্কৃতি ৰক্ষা কৰো' ৷

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই নিজৰ চমু বক্তব্যত বৰ্তমান সময়ত সকলো ৰাইজকে গুৰুজনাৰ আদৰ্শ সৰোগত কৰি আগুৱাই যোৱাৰ আহ্বান জনোৱাৰ লগতে প্ৰতিজন অসমীয়াই নিজ নিজ সন্তানক মাম্মী-ডেডীৰ সলনি মা-দেউতা, আঙ্কুল-আন্টিৰ ঠাইত খুড়া-খুড়ী আপুৰুগীয়া শব্দবোৰ শিকাবলৈ আহ্বান জনায় ৷ বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাৰ তীৰৰ আই খেৰসূতি প্ৰেক্ষাগৃহত নিশা ১০ বজাৰ পৰা নৃত্যাচাৰ্য যতীন গোস্বামীৰ পৰিচালনাত আৰম্ভ হোৱা দৃষ্টিনন্দন 'সত্ৰীয়া নৃত্যৰ এটি গধুলি' শীৰ্ষক সুন্দৰ অনুষ্ঠান উপভোগ কৰে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in