বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ

বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁৱৰ নিৱাসী মিনতি বৰাৰ বৃহস্পতিবাৰে পুৱা নিজ বাসগৃহত বিয়োগ হয়। ৬৫ বছৰীয়া মিনতি বৰা বিগত কিছু বছৰ ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপত জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। 'সুন্দৰী' বুলি খ্যাত ধৰ্মপ্ৰাণ আইমাতৄ গৰকী সুদীৰ্ঘ ৩০ বছৰ ধৰি বটদ্ৰৱা থানৰ আইসকলৰ নাম প্ৰসংগত অংশ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নৰোৱা সত্ৰৰ নামলগোৱানী হৈ গুৰুসেৱাত ব্ৰতী হৈছিল।

সৰবৰহী, মৃদুভাষী, সৰল মনৰ আইমাতৄ গৰাকীৰ বিয়োগত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, বটদ্ৰৱা শলগুৰি আৰু নৰোৱা সত্ৰৰ আইমাতৄ সকলকে প্ৰমুখ্য কৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে শতাধিক গুণমুগ্ধৰ উপস্থিতিত বটদ্ৰৱাৰ আকাশী গংগাৰ পাৰত মিনতি বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত মিনতি বৰাই এজন পুত্ৰ, দুগৰাকী জীয়ৰী, জোৱাই, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in