ধৰ্মীয় ক্ষেত্ৰ দৰ্শন কৰাই জাতিৰ সংস্কৃতি-সভ্যতা-ঐতিহ্যৰে পৰিচয় কৰোৱাৰ লক্ষ্যৰে বটদ্ৰৱাত ‘তীৰ্থ দৰ্শন’ৰ দল…

ধৰ্মীয় ক্ষেত্ৰ দৰ্শন কৰাই জাতিৰ সংস্কৃতি-সভ্যতা-ঐতিহ্যৰে পৰিচয় কৰোৱাৰ লক্ষ্যৰে বটদ্ৰৱাত ‘তীৰ্থ দৰ্শন’ৰ দল…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নৱপ্ৰজন্মক অসমৰ ঐতিহাসিক তথা ধৰ্মীয় ক্ষেত্ৰ সমূহ দৰ্শন কৰাই জাতিৰ সংস্কৃতি, সভ্যতা আৰু ঐতিহ্যৰ লগত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অসম টুৰিজিম কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ উদ্যোগত, সহকাৰ ভাৰতী অসমৰ তত্বাৱধানত দেওবাৰে 'তীৰ্থ দৰ্শন' শীৰ্ষক এক যাত্ৰা আৰম্ভ হয়। পুৱা ৮ বজাত গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখৰ পৰা আৰম্ভ কৰা যাত্ৰা পোনে পোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত উপস্থিত হয়।

অসম টুৰিজিম কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ সভাপতি সুৰেন্দ্ৰ নাথ কলিতা, নৱদ্বীপ কলিতা, যোগেশ্বৰ গোস্বামী, অৰূপ বৈশ্যকে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ তৎপৰতাত অৰ্ধশতাধিক নৱ প্ৰজন্মৰ যুৱক যুৱতীক লগত লৈ বটদ্ৰৱা থানত উপস্থিত হোৱা দলটিয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা লৈ গুৰুজনাৰ স্মৃতি বিজড়িত পদশিলা, শিলিখা বৃক্ষ, হাটীপুখুৰী দৰ্শন কৰাৰ অন্তত বটদ্ৰৱা থানৰ আকাশী গংগাৰ নৈসৰ্গিক পৰিবেশত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰে।

আকাশী গংগাৰ তীৰত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নাৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি আৰু সহকাৰ ভাৰতীৰ নগাঁও জিলা সমিতিৰ সভাপতি সুশীল কুমাৰ খউণ্ডে আদৰনি জনাই। পাছত দুপৰীয়া বটদ্ৰৱা থানৰ পৰা 'তীৰ্থ দৰ্শন' শীৰ্ষক দলটিয়ে এছিয়াৰ সৰ্বোচ্চ লিংগাকাৰ তথা নগাঁৱৰ ভেৰভেৰীৰ "মহামৃত্যুঞ্জয় মন্দিৰ" দৰ্শনৰ বাবে যাত্ৰা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in