অসম আৰোগ্য নিধিৰ একাউণ্টলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আগবঢ়ালে ১ লাখ টকা

অসম আৰোগ্য নিধিৰ একাউণ্টলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আগবঢ়ালে ১ লাখ টকা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ মহানুভৱতা। অসম আৰোগ্য নিধিৰ একাউণ্টলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আগবঢ়ালে এক লাখ টকাৰ চেক। দেওবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি সমিতিৰ সদস্য সকলক লগত লৈ ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক লাখ টকাৰ চেক প্রদান কৰাৰ আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

লগতে অসমবাসী ৰাইজক সজাগ আৰু সতৰ্ক হৈ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে মানৱ জাতিৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in