আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ ৰাজ্যৰ সত্ৰ-নামঘৰ সৰ্বত্ৰে হৰিনামৰ বোল

আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ ৰাজ্যৰ সত্ৰ-নামঘৰ সৰ্বত্ৰে হৰিনামৰ বোল

ডিজিটেল ডেস্কঃ পবিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্যজুৰি আৰম্ভ হৈছে নাম-প্ৰসংগ। ঢেকীয়াখোৱা নামঘৰ, মাজুলী, বৰপেটা সত্ৰ, মধূপুৰ সত্ৰৰ লগতে আজিৰ পৰা ভাদ মাহৰ নাম-প্ৰসংগ চলিছে ৰাজ্যৰ ৮০০ সৰু-ডাঙৰ সত্ৰৰ লগতে ১৫ সহস্ৰাধিকৰো অধিক ৰাজহুৱা নামঘৰত।

অসমীয়া ভক্তপ্ৰাণ ৰাইজে পবিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগেই নাম-প্ৰসংগৰে ভক্তিৰসত বুৰ যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ৰ লগত সংলগ্ন নামঘৰতো ভাদ মহীয়া নাম-প্ৰসংগ আৰম্ভ হৈছে আজিৰ পৰা। গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানতো আজিৰ পৰা আৰম্ভ হয় বিশেষ ধৰ্মীয় কাৰ্যসূচী।

ভাদ মাহ সোমোৱাৰ লগে লগে বটদ্ৰৱা থানত চলে ওঠৰ প্ৰসংগ৷ এইদৰে আজিৰেপৰা দৈনিক ওঠৰ প্ৰসংগৰ নাম আৰু মাগংলিক ধ্বনিৰে মুখৰিত হৈ থাকিব বটদ্ৰৱাৰ আকাশ-বতাহ৷ অন্যান্য মাহবোৰৰ তুলনাত ভাদ মাহত বটদ্ৰৱালৈ তীৰ্থযাত্ৰীৰ আগমনো বাঢ়ে। ভাদ মাহৰ প্ৰতিটো দিনাই সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰান তীৰ্থযাত্ৰী ঢাপলি মেলে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠলৈ৷

আজি ভাদ মাদৰ প্ৰথম দিনটোতে গুৰুজনাৰ স্মৃতি বিজড়িত কীৰ্তনঘৰ, উত্তৰ আৰু দক্ষিণ পদশিলা, দৌলমন্দিৰ আদিত ভক্তপ্ৰান যাত্ৰীসকলে বিভিন্ন নৈবেদ্য আগবঢ়াই দুপৰীয়া নাম প্ৰসংগত অংশগ্ৰহণ কৰে। বটদ্ৰৱা ধামৰ পৰম্পৰাগত ৰীতি-নীতিৰে ৩১ আগষ্টত মাধৱদেৱ গুৰুজনাৰ তিথি, ৩ ছেপ্তেম্বৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু ১১ ছেপ্তেম্বৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হ'ব৷

আনহাতে, বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতৈ শুকুৰবাৰে নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। এই একান্ত সেৱক, বৈষ্ণৱ তথা কৃষ্টি-সংস্কৃতিৰ সাধকজনৰ মৃত্যুৰ খবৰে অৱশ্যে বটদ্ৰৱা থানৰ পৰিৱেশ কিছু শোকময় কৰি তুলিছে। তাৰ মাজতেই চলিছে ভাদ মাহৰ নাম-প্ৰসংগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in