বটদ্রৱা থান আৰু ঐতিহাসিক ক’ৰচোং সত্রত জন্মাষ্টমী উদযাপন…

বটদ্রৱা থান আৰু ঐতিহাসিক ক’ৰচোং সত্রত জন্মাষ্টমী উদযাপন…

ডিজিটেল সংবাদ, বটদ্রৱা: মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্রীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰম্ভ হৈছে। শুকুৰবাৰে জন্মাষ্টমী উপলক্ষে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, আৰু দুপৰীয়া নাম-প্রসংগৰ অন্তত কীৰ্তন ঘৰত ভক্ত-বৈষ্ণৱ আৰু সহস্রাধিক তীৰ্থযাত্রীৰ মাজত বটদ্রৱা থানৰ জন্মাষ্টমী বিশেষ 'গজালি ওলোৱা মগুৰ প্রসাদ' বিতৰণ কৰা হয়।

দুপৰীয়া কীৰ্তনত 'শিশুলীলা'ৰ কীৰ্তন গোৱা হয়। আনহাতে আইসকলৰ নামত 'আজি ৰাতি শিলা বৰষিলে এ। নুশুনি প্রজাৰে মাত… উপজিলে জগন্নাথ' শীৰ্ষক গীত পৰিবেশন কৰে। নিশালৈ গোপাল আতাৰ বিৰছিত 'শ্রীকৃষ্ণৰ জন্মযাত্রা' নাট পৰিবেশন কৰে সত্রৰ ভকত-বৈষ্ণৱে।

ইফালে, শনিবাৰে নন্দ উৎসৱ উপলক্ষে বটদ্রৱা থানৰ পৰম্পৰা অনুসৰি নাটঘৰত পাচতি ভাওনা অনুষ্ঠিত হ'ব। পাচতি ভাওনাৰ লগত সংগতি ৰাখি এখন বোকা ভাওনাও অনুস্থিত হ'ব। জন্মাষ্টমী উপলক্ষে ক'ৰচোং সত্রৰ ঐতিহাসিক কলিয়া গোসাঁই থানত সহস্রাধিক ভক্তপ্রাণ লোকে ভক্তি অঞ্জলি প্রদান কৰে।

ক'ৰচোং সত্রত শুকুৰবাৰে পুৱা পুৱতী গীত, আই সকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া বিশেষ নাম-কীৰ্তনৰ পিচতে ভগৱান কলীয়া গোসাঁইৰ মূৰ্তিভাগ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দৰ্শনাৰ্থীৰ সেৱা অৰ্চনাৰ বাবে অস্থায়ী মণ্ডপত ৰখা হয়। নিশা স্থানীয় শিল্পী সকলে প্রদৰ্শন কৰে 'শ্রীকৃষ্ণৰ জন্মযাত্রা নাট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in