শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান

137

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শিৱৰাত্ৰী মহোৎসৱ আৰু তৃতীয় বাৰ্ষিক ৰুদ্ৰ মহাযজ্ঞৰ লগত সংগতি ৰাখি বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত অনুষ্ঠিত সাংস্কৃতিক মঞ্চত শনিবাৰে নিশা নগাঁৱৰ কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত উপস্থিত দৰ্শকসকল মুগ্ধ হৈ পৰে।

দিব্যজ্যোতি বৰুৱা আৰু জ্যোতি প্ৰসাদ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত বৰগীত, সত্ৰীয়া নৃত্য, শিৱ বন্দনা, গনেশ বন্দনা, লোক নৃত্য আদি বিভিন্ন সাংস্কৃতিক উপাদানেৰে বৰ্ণময় হৈ পৰে ঐতিহ্যমণ্ডিত সোনাই নৈৰ পাৰ।

পাৰ্থ প্ৰতিম দাসৰ পৰিচালনাত জিমি দেৱী, তনুশ্ৰী শইকীয়া, দিশা শইকীয়া, প্লাবিত শইকীয়া, নিতুল হাজৰিকা, ভাৰ্গৱী বৰা, বেদাংগনা কশ্যপকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ শিল্পী সকলে পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত সহস্ৰাধিক দৰ্শক মুগ্ধ হৈ পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি