গ্ৰাম্য অৰ্থনীতিৰ টনকিয়াল কৰাৰ উদ্দেশ্যে ষ্টেট বেংক অফ ইণ্ডিয়াই বৃহৎ পৰিমাণৰ ঋণ মেলা…

গ্ৰাম্য অৰ্থনীতিৰ টনকিয়াল কৰাৰ উদ্দেশ্যে ষ্টেট বেংক অফ ইণ্ডিয়াই বৃহৎ পৰিমাণৰ ঋণ মেলা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : প্ৰধানমন্ত্ৰী আত্ম নিৰ্ভৰশীল ভাৰত আঁচনিৰ অধীনত ষ্টেট বেংক অফ ইণ্ডিয়াই গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন আৰু গাঁৱৰ ৰাইজক আৰ্থিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যে "বৃহৎ পৰিমাণৰ ঋণ মেলা" শীৰ্ষক এক কাৰ্যসূচী সোমবাৰে সম্পন্ন হয়।

ষ্টেট বেংক অফ ইণ্ডিয়াৰ নগাঁও সংমণ্ডলৰ ব্যবস্থাপনাত বটদ্ৰৱাৰ চকলাঘাটত ৰাস মন্দিৰত নগাঁও আৰু মৰিগাঁও জিলাৰ মীন পালন আৰু আত্মসহায়ক গোটক ঋণ প্ৰদান কাৰ্যসূচী আজি অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক আৰ এছ ৰমেশে কয় যে "ষ্টেট বেংক অফ ইণ্ডিয়াই আজি সুখী অনুভৱ কৰিছো, যত বৃহৎসংখ্যক গঞা ৰাইজৰ কাষত থাকি মীন পালন আৰু আত্মসহায়ক গোটক ঋণ প্ৰদান কৰি তেওলোকক স্বাবলম্বী কৰা হৈছে। ২০০ বছৰীয়া ষ্টেট বেংক অফ ইণ্ডিয়াই আপোনালোকৰ সহযোগিতাত সমাজক আগুৱাই নিব। আপোনালোক আহক ষ্টেট বেংকক সহযোগীতা কৰক।" বুলি মন্তব্য প্ৰদান কৰে।

অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি "ষ্টেট বেংক আজি আপোনালোকৰ পদূলিত। মীন ক্ষেত্ৰত অসমে বিগত বছৰত বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্ত আজি মীনৰ বাবে আমি সবল। আজি আমি মাছ বাহিৰলৈ পঠিয়াও। মীন উৎপাদনৰ বাবে নগাঁও জিলাই এইবছৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে। সভাত ষ্টেট বেংক অফ ইণ্ডিয়া উত্তৰ পূৱ নেটৱৰ্ক ১ ৰ মহা প্ৰবন্ধক সুৰঞ্জনা দত্ত, নগাঁও জিলা মীন বিষয়া ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰান্ত প্ৰবন্ধক ৰঞ্জিত কুমাৰ দত্তই ৰাইজক উদ্দেশ্যি ষ্টেট বেংক অফ ইণ্ডিয়া সহযোগত আগুৱাই যাবলৈ আহ্বান জনাই।

বৰগীত, সত্রীয়া নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিত ষ্টেট বেংক অফ ইণ্ডিয়া, গুৱাহাটীৰ ডেপুটি জেনেৰেল মেনেজাৰ এল এছ মদনে শলাগৰ শৰাই আগবঢ়াই
নগাঁও, মৰিগাঁও জিলাৰ ৪০০ মীন পালক আৰু ২৫৪ আত্ন সহায়ক গোটক ঋণ অনুমোদন পত্ৰ প্ৰদান কৰা অনুষ্ঠানটিত ষ্টেট বেংক অফ ইণ্ডিয়া নগাঁৱৰ মেনেজাৰ, কৰ্মচাৰী, নগাঁও, মৰিগাঁও জিলাৰ আত্মসহায়ক গোট, আৰু মীন পালক সকল উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in