শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীত বৈকুণ্ঠপুৰীত পৰিণত বটদ্ৰৱাৰ নামঘৰ প্ৰাঙ্গন… VIDEO

31

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শৰতৰ নিশা শ্রীকৃষ্ণৰ লীলা। গুৰুজনাৰ জন্মভূমিত গুৰু জন্ম জয়ন্তী উপলক্ষে ভক্ত প্ৰাণ ৰাইজৰ মাজত পাৰ ভঙা উৎসাহ। জগত গুৰু শ্রীমন্ত শঙ্কৰ দেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত শিশুৰ পৰা আশীৰ উৰ্ধৰ বৃদ্ধলৈ এজাক কুশীল দেৱ বাদ্য খোল-তাল, ডবাৰ শব্দত বৈকুন্ঠ পুৰীলৈ পৰিণত কৰিলে নাটঘৰ প্রাঙ্গন।

নান্দনিক অভিনয়, নৃত্য, বিলাপ পয়াৰৰ সমাহাৰেৰে স্বৰ্গ মৰ্ত্ত্য পাতালৰ সৌন্দৰ্য্যৰ সমাবেশৰ হিলদল তুলি দৃষ্টিনন্দন কৰি তুলে। এই অপূৰ্ব দৃশ্যই মোহিত কৰি তুলিলে উপস্থিত দৰ্শকসকলক। শৰৎৰ সেমেকা নিশাকো নেউচি সকলো ব্যষ্ট হৈ পৰিল ভাঁওনা চোৱাত।

উত্তৰে আকাশী গংগাৰ পৰা প্ৰৱাহিত হোৱা হিম চেঁচা মলয়া বতাহ জাকেও যেন গা লৰাব নোৱাৰিলে দৰ্শক ৰাইজক। হাতত ধনু, কাঁড়, গদা, যাঠি লৈ নাটঘৰত ভাওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী পুৰুষকলে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী মহোৎসৱৰ ৯ অক্টোৱৰ বুধবাৰে নিশা বটদ্ৰৱাৰ জাজৰি বাসী ৰাইজে পৰিবেশন কৰে ”কালযবন বধ” ভাওনা। এনেদৰেই গুৰুজনাৰ জন্মভূমিত গুৰুজয়ন্তী উপলক্ষে গুৰুজনাৰ সৃষ্টি ৰাজিৰ পৰিবেশনেৰে জীপাল কৰি চহকী কৰিলে অসমীয়া সংস্কৃতি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি