প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি “সেৱা সপ্তাহ” উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান…

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি “সেৱা সপ্তাহ” উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত আৰু বটদ্ৰৱা মণ্ডল কিষাণ মৰ্চাৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ জন্মদিনৰ সংগতি ৰাখি উদযাপন কৰা "সেৱা সপ্তাহ" উপলক্ষে শনিবাৰে বটদ্ৰৱাত স্বচ্ছতা অভিযান কাৰ্যসূচী সম্পন্ন কৰা হয়।

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত আজি এই স্বচ্ছতাৰ অভিযান কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কিষান মৰ্চা কলিয়াবৰ জিলা সভাপতি বিপ্লৱ ভৌমিকে "স্বচ্ছতাৰ অভিযানৰে দেশ, ৰাজ্য, তথা গাওঁখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাই আমাৰ লক্ষ্য আৰু উদেশ্য, লগতে প্ৰতিজন মানুহক সচেতন কৰাৰ আমাৰ কৰ্তব্য"- বুলি মন্তব্য প্ৰদান কৰে।

কলিয়াবৰ জিলা কিষান মৰ্চাৰ সম্পাদক মিন্টু বৰা, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ উপসভাপতি তথা কিষাণ মৰ্চা কলিয়াবৰ জিলা প্ৰভাৰী ফকৰ উদ্দিন আলি আহমেদ, ৰাজ্যিক পৰিষদৰ সদস্য মুকুল শইকীয়া, বটদ্ৰৱা মণ্ডলৰ সভানেত্ৰী দুলু মনি কলিতা, কিষাণ মৰ্চা কলিয়াবৰ জিলা, কাৰ্যকৰ্তা, বটদ্ৰৱা মণ্ডলৰ কাৰ্যকৰ্তা অংশ গ্ৰহণেৰে কাৰ্যসূচী সম্পন্ন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in