শেহতীয়া খবৰ
৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...  •  ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ...  •  ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু...

বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ দেহাৱসান…

335

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰতেই সমগ্ৰ জীৱন উৎসৰ্গা কৰা চিৰকৌমাৰ্য ব্ৰতাৱলম্বী জিতেন্দ্ৰিয় চিৰতৰুণ ব্যক্তি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱমহন্ত মঙলবাৰে নিশা বটদ্ৰৱাৰ নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে।

১৯২৫ চনত বটদ্ৰৱা থানৰ পাটশিলাৰ কাষতে লাগি থকা এটি কুটীৰত পিতৃ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত যোগেশ্বৰ দেৱমহন্ত আৰু মাতৃ বিদ্যাকান্তি দেৱীৰ ঔৰষত জন্ম গ্ৰহণ কৰি পৰবৰ্তী পৰ্য্যায়ত বটদ্ৰৱা থানৰ হাটীবহাত থাকি গুৰুসেৱাত নিৰন্তৰ বিভিন্ন লোকক একশৰণ নাম ধৰ্মত দীক্ষিত কৰি শৰন ভজন দি পবিত্র তথা শান্তি পূৰ্ন জীৱনৰ সন্ধান দিয়া পৰমানন্দ দেৱমহন্তৰ বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি