জন্মস্থান বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচী আৰম্ভ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক, বটদ্ৰৱাঃ জগতগুৰু মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্রীশ্রী বটদ্রৱা থানত আজিৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭০ সংখ্যক জন্মোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী৷ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ বটদ্ৰৱাত উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ গুৰুজয়ন্তী উৎসৱ উদযাপন সমিতিয়েও গুৰুজনাৰ পবিত্ৰ জন্মস্থানখনৰ চৌদিশ ইতিমধ্যে বিভিন্ন আলোকসজ্জাৰে আলোকিত কৰি তুলিছে৷ দ্বিতীয় বৈকুণ্ঠৰ চৌদিশে এক উৎসৱমুখৰ পৰিবেশ দেখা পোৱা গৈছে৷

উল্লেখ্য যে, ১৮, ১৯ আৰু ২০ ছেপ্তেম্বৰত বিগত বৰ্ষসমূহৰ দৰেই তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে৷ গুৰুজনাৰ জন্মোৎসৱৰ তিনিদিনীয়া কাৰ্য্যসূচী অনুসৰি মঙলবাৰে পুৱা  তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰ অন্তত দিনৰ  ১ বজাৰ পৰা অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা।ইয়াৰোপৰি বিয়লি ২ বজাত গুৰুচৰিত পাঠ অনুষ্ঠান আৰু সন্ধিয়া সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

১৯ ছেপ্টেম্বৰত পুৱা তাল কোবোৱা, মঞ্জিৰা নাম, ঊষা কীৰ্ত্তন, আইসকলৰ নাম, খোল প্ৰসংগ, প্ৰসংগীয়া নাম, ভাগৱত পাঠ আদিৰ লগতে জগতগুৰুজনাৰ অপূৰ্ব সৃষ্টিসম্ভাৰ বিভিন্ন সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনেৰে বটদ্ৰৱা থান প্ৰাংগণৰ পৰা উলিওৱা হ'ব এক সাংস্কৃতিক শোভাযাত্ৰা৷ সন্ধিয়ালৈ সমগ্ৰ থান চৌহদত ৫৭০ গছি বন্তি  প্ৰজ্বলন কৰাৰ লগে লগে বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ'লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ প্ৰতিঘৰ লোকৰ পদুলিত বন্তি-চাকি প্ৰজ্বলনেৰে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিব৷ নিশা প্ৰদৰ্শন কৰা  হ'ব অংকীয়া ভাওনা "নৃসিংহ  যাত্ৰা"।

আনহাতে, ২০ ছেপ্টেম্বৰত পুৱা তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰ  অন্তত পবিত্ৰ আকাশীগংগাৰ তীৰৰ মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এখনি ধৰ্মালোচনী সভা ৷

ধৰ্মালোচনী সভাত মুখ্য অতিথি ৰূপে অসমৰ  জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট অতিথি ৰূপে অসম বিধানসভাৰ প্ৰাক্তন  অধ্যক্ষ ৰঞ্জিত দাস, বিধায়ক আঙুৰলতা ডেকা, ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাসৰ উপৰি প্ৰাগ্‌ চেনেলৰ স্বত্তাধিকাৰী সঞ্জীৱ নাৰায়ণ, নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি উপস্থিত থাকিব।

সন্ধ্যাভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীৰ লগতে সত্ৰীয়া শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ৷ নিশালৈ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক তথা গুৰুজয়ন্তী উদযাপন সমিতিৰ আহ্বায়ক ইন্দ্ৰ মোহন বৰুৱাই জানিবলৈ দিছে৷

শ্ৰীশ্ৰী বটদ্ৰৱা থানত আয়োজিত গুৰুজয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০ ছেপ্তেম্বৰত আয়োজিত ধৰ্মালোচনী সভালৈ মহাপুৰুষজনাৰ ওপৰত গৱেষনা কৰা গৱেষক, পণ্ডিত তথা ধৰ্মানুষ্ঠানৰ লগত জড়িত পুৰোধা ব্যক্তিসকলক আমন্ত্ৰণ জনোৱাৰ পোষকতা কৰে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in