অসম সাহিত্য সভাৰ ২০২২ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন বটদ্ৰৱালৈ আমন্ত্ৰণৰ সিদ্ধান্ত, শুৱালকুছি অধিবেশনলৈ প্ৰতিনিধি প্ৰেৰণ বটদ্ৰৱাবাসীৰ

অসম সাহিত্য সভাৰ ২০২২ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন বটদ্ৰৱালৈ আমন্ত্ৰণৰ সিদ্ধান্ত, শুৱালকুছি অধিবেশনলৈ প্ৰতিনিধি প্ৰেৰণ বটদ্ৰৱাবাসীৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাতীয় জীৱনৰ শতবৰ্ষ গৰকা মহীয়ান অনুষ্ঠান অসম সাহিত্য সভাৰ আগন্তুক ২০২২ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ আহ্বান জনোৱাৰ সিদ্ধান্ত ল'লে বটদ্ৰৱা বাসীয়ে। সেই উদ্দেশ্যে মঙলবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত একত্ৰিত হ'ল নগাওঁ জিলাৰ বটদ্ৰৱাৰ ৪ টাকৈ শাখা সাহিত্য সভা।

বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা, সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভা, জাজৰি শতদল শাখা সাহিত্য সভা আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক-প্ৰমুখ্যে বিষয়ববীয়া সদস্য সকল আৰু অঞ্চলটোৰ আজীৱন সদস্য সকল একত্ৰিত হৈ গুৰুজনাৰ জন্ম আদি লীলাভূমি, পূণ্যধাম সত্ৰ সংস্কৃতিৰ আদিকেন্দ্ৰ হিচাপে খ্যাত অঞ্চলটোত পূৰ্ণাংগ অধিবেশন আমন্ত্ৰণ জনোৱাৰ বিষয়ত সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰে আৰু শুৱালকুছি অধিবেশনত প্ৰতিনিধিত্ব কৰি বিষয়টো আগবঢ়াই নিয়াৰ বাবে এটা সজাতি দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি পৰমানন্দ দেৱমহন্তৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়। আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰিনাৰায়ণ কোঁৱৰে উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত আলিপুখুৰী শাখা সাহিত্য সভা আৰু ৰামধেনু সমন্বয় গোষ্ঠীৰ উদ্যোগত বিগত নৱেম্বৰ মাহত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

সভাত অসম সাহিত্য সভাৰ ৰহা বিশেষ বাৰ্ষিক অধিবেশনৰ মুখ্য সমন্বয়ক ঘনশ্যাম নাথ, সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতা, দিলীপ দেৱ গোস্বামী, সাংবাদিক দিব্যজ্যোতি বৰুৱা, শিৱ প্ৰসাদ চাহানী, লক্ষ্যধৰ তালুকদাৰ, পৰাণ বৰুৱা, দীন কলিতা, মন্টু বৰা, দীজু মনি বৰাকেে প্ৰৰমুখ্যকৰি শতাধিক ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in