মাহীয়ে শেষত নিজৰ মাতৃকে প্ৰতাৰণা কৰিলেঃ অজন্তা নেওগক ৰূপজ্যোতি কুৰ্মীৰ কটাক্ষ…

মাহীয়ে শেষত নিজৰ মাতৃকে প্ৰতাৰণা কৰিলেঃ অজন্তা নেওগক ৰূপজ্যোতি কুৰ্মীৰ কটাক্ষ…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ
ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা শনিবাৰে সন্ধ্যা সময়ত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰাক্তনমন্ত্ৰী গৌতম বৰাক লগত লৈ গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত আহি উপস্থিত হয়।

সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি পোনে পোনে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশ কৰি চৈধ্য প্ৰসঙ্গৰ অন্তৰ্গত সন্ধিয়াৰ নাম প্ৰসংগত অংশ গ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। পাছত কীৰ্তনঘৰতে ভকত বৈষ্ণৱৰ নাম কীৰ্তন আৰু বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক প্রসংগ আদি বিভিন্ন ধৰ্মীয় বিষয়ে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সন্মুখত দেবৱ্ৰত শইকীয়াই "বিভিন্ন সময়ত নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন জনে দল ত্যাগ কৰে, তেওঁলোকে নিশ্চিত ভাবে নিজৰ স্বাৰ্থৰ বাবে দল ত্যাগ কৰিছে।

অজন্তা নেওগেও বিশ বছৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক হৈ থকি নিৰ্বাচনৰ আগত কৰা দল ত্যাগে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে।" বুলি মন্তব্য প্ৰদান কৰে। আনহাতে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আবেগিক হৈ "শংকৰদেৱ গুৰুজনাক ওচৰৰ পৰা চাব আহিলো। মোৰ চকুপানী ওলাল। মই বটদ্ৰৱাত ভাওনাত ভাও লম। "বুলি বক্তব্য প্ৰদান কৰাৰ লগতে অজন্তা নেওগক মাহী বুলি সম্বোধন কৰি "মাহীক কৃষ্ণ হে বুলিলো।

মাহী বিশ বছৰ মন্ত্ৰী হৈ থাকি অৱশেষত নিজৰ মাক কংগ্ৰেছক এৰিলে। এয়া সময়ে উত্তৰ দিৱ।" বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আজি বটদ্ৰৱা থান দৰ্শন কালত মৰিগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি ডাঃ আছিফ মহম্মদ নজৰ, দেবৱ্ৰত শইকীয়াৰ সহধৰ্মিণী বন্দনা শইকীয়া, ৰূপজ্যোতি কুৰ্মীৰ সহধৰ্মিণী মাঞ্চুৰিয়া বৰদলৈকে প্ৰমুখ্য কৰি কংগ্ৰেছ দলৰ কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in