মৰিগাঁও-বটদ্ৰৱা সংযোগী পথ নিৰ্মাণত অনিয়ম

মৰিগাঁও-বটদ্ৰৱা সংযোগী পথ নিৰ্মাণত অনিয়ম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিত কোনো ঠিকাদাৰে দুৰ্নীতি অনিয়ম সংঘটিত কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিভিন্ন সময়ত হুংকাৰ দি অহা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা থান সংযোগী নৱনিৰ্মিত গড়কাপ্তানি পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি-অনিয়ম৷ এনে দুৰ্নীতি-অনিয়মক স্পষ্ট ৰূপত উদঙাই দি নিৰ্মাণৰ পিছতে পিছতে বখলা-বখলকৈ খহিছে পথৰ ওপৰৰ ব্লেকটপ।

মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ অহা তীৰ্থযাত্রীৰ সুচল যাতায়তৰ বাবে চৰকাৰে বিশ্ব বেংকৰ আঁচনিৰ জৰিয়তে বটদ্ৰৱা থান আৰু কুঁজি সত্ৰ সংযোগী ১৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল। কিন্তু পথটো নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূর্ণ হোৱাৰ পিছতেই এৰি গৈছে ব্লেকটপিং।

পথটো নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিত ঠিকাদাৰৰ ৰমেশ আগৰৱালাৰ লগতে ৰাজনৈতিক নেতা-পালিনেতা আৰু বিভাগীয় বিষয়া জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এই পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ বিষয়ে ঠিকাদাৰৰ বিৰুদ্ধে হুংকাৰ দিয়া বিধায়িকা আঙুৰলতা ডেকাক তেওঁলোকে বাৰম্বাৰ অৱগত কৰিছে যদিও ৰহস্যজনক কাৰণত সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বিধায়িকাগৰাকীয়ে। পথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদন্ত কৰি বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in