বটদ্ৰৱাৰ ৰামপুৰত নাবালিকাক অপহৰণ কৰি ৫ দিনৰ পাছত এৰি থৈ গ’ল আৰক্ষী থানাৰ সন্মুখত…

বটদ্ৰৱাৰ ৰামপুৰত নাবালিকাক অপহৰণ কৰি ৫ দিনৰ পাছত এৰি থৈ গ’ল আৰক্ষী থানাৰ সন্মুখত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত সঘনাই বৃদ্ধি পাই আহিছে এটাৰ পিছত আনটোকৈ অপৰাধ জনিত ঘটনা। একাংশ দুষ্কৃতিকাৰীয়ে নিজ ইচ্ছা অনুসৰি মুকলিভাৱে চলাই আহিছে নানা প্ৰকাৰৰ অসামাজিক কাৰ্যকলাপ। এনেদৰে সংঘটিত হৈ অহা ধাৰাবাহিক অপৰাধজনিত কাৰ্যকলাপৰ বাবেই সাধাৰণ জনতা একপ্ৰকাৰে নিৰাপত্তাহীনতাত ভূগিছে।

এনে সময়তেই অনুৰূপ এক ঘটনা সংঘটিত হৈছে জিলা খনৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱত৷ এগৰাকী নাবালিকাক অপহৰণ কৰি পাঁচ দিনৰ পাছত আৰক্ষী থানাৰ সমুখতে এৰি গ'ল এজন যুৱকে। ৰামপুৰ সত্ৰ গাঁৱৰ নাবালিকা কন্যা গৰাকীয়ে দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল। যোৱা ৭ ছেপ্তেম্বৰৰ দিনা নাবালিকা গৰাকী ঘৰৰ পদুলিলৈ ওলাই আহোঁতে ৰামপুৰ সত্ৰৰ আলাল উদ্দিনৰ পুত্ৰ মঞ্জিৰুল হক নামৰ যুৱকজনৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে নাবালিকা গৰাকীক অপহৰণ কৰি নিয়ে।

পিছত নাবালিকা গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বহুত বিচাৰ খোচাৰ কৰি অৱশেষত বটদ্ৰৱা থানত এজাহাৰ দাখিল কৰে। কিন্তু ৰহস্যজনক ভাবে বুধবাৰে নাবালিকাক যুৱকজনে এৰি থৈ যায়। পাঁচ দিনৰ পাছত আজি নাবালিকাক দেখি পিতৃ মাতৃয়ে শোকত ভাগি পৰে। ঘটনা সংক্ৰান্তত বটদ্ৰৱা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নে গভীৰ উদ্বেগ প্ৰকাশ কৰি যুৱক জনক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ দাবী তুলিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in