পুনৰ নিৰ্মান হোৱা বটদ্ৰবা থানৰ মূল নামঘৰ মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

পুনৰ নিৰ্মান হোৱা বটদ্ৰবা থানৰ মূল নামঘৰ মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ডিজিটেল সংবাদ , নগাঁও : আগন্তুক ৪০/৪৫ দিনত কোভিড নিয়ন্ত্ৰন হ'ব ৷ কোভিড নিয়ন্ত্ৰন হ'লে উপ নিৰ্বাচনৰ চিন্তা চৰ্চা হ'ব ৷ কোভিডৰ বাবে নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ চিন্তা চৰ্চা কৰা নাই ৷ নগাঁৱত এই ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে, আগন্তক পাঁচ বছৰত অসমত উপ নিৰ্বাচন হৈ থাকিব ৷ সংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিৰোধীৰ সকলো বিধায়কৰ লগতে মোৰ ভাল ৷ ভাল হ'ব বুলি বিজেপিত যোগ দিব লাগিব বুলি কথা নাই ৷ তেওঁলোকে দলতে থাকি কাম কৰি থাকক ৷ য'ত যেনেকে আছে তেনেকে থাকি কাম কৰি থাকিলে হ'ল ৷

ইফালে, উত্তৰ প্ৰদেশত চলি থকা গৰম ৰাজনীতিৰ সন্দৰ্ভটো মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিৰ পৰা টিকট নাপাব বুলি জানি একাংশই দলত্যাগ কৰিছে ৷ নিৰ্বাচনৰ সময়ত টিকত নাপাব বুলি জানিলে পদত্যাগ কৰে ৷ বিষয়টো টিকটৰ লগত সমন্ধ ৷ আনহাতে, দেওবাৰে মুখ্যমন্ত্ৰী বৰদোৱাত উপস্থিত হ'ব ৷ মুখ্যমন্ত্ৰীয়ে বটদ্ৰবা থানৰ মূল নামঘৰটি শুভ উদ্বোধন কৰিব ৷ মূল নামঘৰটি মেৰামতি আৰু পুনৰ নিৰ্মান কৰি আটকধুনীয়া কৰি তোলা হৈছে ৷ নিৰ্মানৰ কাম শেষ হোৱা হেতু দেওঁবাৰে মুখ্যমন্ত্ৰী জনে আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিব ৷ লগতে বটদ্ৰবা প্ৰকল্পৰ কামৰো বুজ লব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in