‘ঘৰে ঘৰে ত্ৰিৰংগা’,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ২৩ হাজাৰ পতাকা বিক্ৰীৰ ব্যৱস্থা…

‘ঘৰে ঘৰে ত্ৰিৰংগা’,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ২৩ হাজাৰ পতাকা বিক্ৰীৰ ব্যৱস্থা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃদেশৰ ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচী হাতত ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

বটদ্ৰৱা উন্নয়ন খণ্ডৰ ১৫ টা পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ২৩ হাজাৰ পতাকা বিক্ৰী ব্যৱস্থা কৰা হৈছে। তদুপলক্ষে সোমবাৰে বটদ্ৰৱাৰ পুৰণি বাছ আস্থানত এখন বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। এই বিক্ৰী কেন্দ্ৰ মুকলি কৰি বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ সৰকাৰে কয় যে' "'ঘৰে ঘৰে ত্ৰিৰংগা' অভিযানৰ জৰিয়তে আমাৰ বান্ধোন অধিক শক্তিশালী কৰি ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰক।" লগতে তেওঁ কয় যে ,বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ টা পঞ্চায়তত এই ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ'ব ।

বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক মিন্টু ডেকাই আঁত ধৰা কেন্দ্ৰ মুকলি অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, খণ্ড সমন্বয়ক মৌচম কলিতা, ৰাজ শৰ্মা, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা বৰা, সচিব সতীশ চন্দ্ৰ শৰ্মা, পঞ্চায়তৰ জিবীকা সখী ত্ৰিবেনী কলিতাৰ লগতে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়া সকল, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলৰ লগতে বটদ্ৰৱাৰ শতাধিক ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in