বটদ্ৰবাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি জেঠৰ পূৰ্নিমাৰ বৰসবাহ

বটদ্ৰবাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি জেঠৰ পূৰ্নিমাৰ বৰসবাহ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জেঠ মাহৰ পূৰ্ণিমাৰ দিনটোত ঐতিহ্যময় বটদ্ৰবাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি অনুষ্ঠিত হয় বৰসবাহ। আজিৰ পৰা ২০০ বছৰৰ পূৰ্বে গুৰুজনাৰ জন্মস্থান বটদ্ৰবাত কলেৰা, হাইজা আদি মাৰিমৰকৰ পৰা নিস্কৃতি পোৱাৰ মানসেৰে দৌল মন্দিৰলৈ বুলি নাম আগবঢ়াই বৌদ্ধ পূৰ্নিমাৰ পৰা জেঠৰ পূৰ্নিমালৈকে প্রতি সন্ধ্যা এমাহ জুৰি নাম ৰাখিছিল।

সেই সময়ত বাৰিষাৰ কদৰ্যময় বোকা পানী গচকি আৰু বাঘ ভালুকৰ ভয়ত নিশা দৌল মন্দিৰলৈ যোৱাৰ বাট পথ সুচল নথকাত গাঁৱৰ ৰাইজে দৌল মন্দিৰলৈ বুলি দৌলৰ বাটতে থকা বাটচ'ৰাত বহাগৰ পূৰ্নিমাৰ পৰা সম্পূৰ্ণ এটা মাহ নাম ৰাখি জেঠৰ পূৰ্নিমাত এই নামৰ সামৰণী মাৰিছিল।

তাহানিৰ সেই পৰম্পৰাক উজ্জিৱিত কৰি প্রতিবছৰে শ'লগুৰি সত্ৰৰ ৰাইজে এই বৰসবাহ অনুষ্ঠিত কৰে। এই উপলক্ষে যোৱা এমাহজুৰি প্রতি সন্ধ্যা দৌলৰ বাটত দিহা নাম অনুষ্ঠিত কৰাৰ অন্তত সোমবাৰে সামৰণি উপলক্ষে পুৱা আইসকলৰ নাম, খোল প্রসংগ, দুপৰীয়া নাম প্রসংগৰে উলহ মালহেৰে অন্ত পৰে এই বৰসবাহৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in