ধনী, শ্বেহৱাগ নহয়, এইবাৰ ক্ৰিকেটাৰৰ ৰূপত আঙুৰলতা… চাওঁক VIDEO

ধনী, শ্বেহৱাগ নহয়, এইবাৰ ক্ৰিকেটাৰৰ ৰূপত আঙুৰলতা… চাওঁক VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শচীন, শ্বেহৱাগ নহয়, ক্ৰীজত আঙুৰলতা। হাতত বেট ঠিকেই আছে, কিন্তু নাই ক্ৰিকেটৰ সাজ-পাৰ। পৰিধান কৰা নাই গ্ল'বছ বা লেগ পেড। ৰঙা শাৰি পৰিধিতা আঙুৰলতাৰ ভৰিতো নাই জোতা।

২২গজৰ যুঁজত এইদৰে দেখা পোৱা গ'ল বটদ্ৰৱা সমষ্টিৰ বিধায়িকাক। সমষ্টিটোৰ ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰা এখন ক্ৰিকেট প্ৰতিযোগিতাত বিধায়িকাগৰাকীক দেখা পোৱা গ'ল খেলুৱৈ ৰূপত।

ডুমডুমীয়া আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা নক আউট প্ৰাইজমানী ক্ৰিকেট টুৰ্ণামেন্টৰ শনিবাৰে আছিল চূড়ান্ত খেল। সেই খেলৰ উদ্বোধনী অনুষ্ঠানতে এই ৰূপত দেখা পোৱা গ'ল একালৰ অভিনেত্ৰী তথা বৰ্তমানৰ বিধায়িকা আঙুৰলতাক।

হাতত বেট লৈ ক্ৰীজলৈ অহা আঙুৰলতাক বল দিয়ে অঞ্চলটোৰ স্থানীয় সমাজকৰ্মী দুলুমণি কলিতাই। কেইবাটাও বল আঙুৰলতাই বাউণ্ডেৰীৰ বাহিৰলৈ মৰাৰো চেষ্টা কৰে। এই ক্ৰিকেট খেলখন উপভোগ কৰিবলৈ যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত আছিল।

চূড়ান্ত খেলৰ উদ্বোধনীৰ পূৰ্বে মহেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়িকাগৰাকীয়ে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'বলৈ অনুৰোধ জনায়। অনুষ্ঠানটি ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমানকে ধৰি শিৱ গোস্বামী, দিপ্তী কুমাৰ ভূঞা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই প্ৰতিযোগিতাখনত বৰদোম তাজ ক্লাব আৰু ডুমডুমীয়া আঞ্চলিক ক্ৰিকেট ক্লাবৰ মাজত চূৰড়ান্ত খেল অনুষ্ঠিত হয়। এই মেচখনত চূড়ান্ত খিতাপ লাভ কৰে ডুমডুমীয়া আঞ্চলিক ক্ৰিকেট ক্লাবে। এই খেলখন পৰিচালনা কৰিছিল প্রশান্ত বৰুৱা আৰু শান্তনু বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in