বটদ্ৰৱাত পুখুৰীত উদ্ধাৰ ৩ বছৰীয়া শিশুৰ মৃতদেহ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত হৃদয়বিদাৰক ঘটনা। পানীত পৰি এটি তিনিবছৰীয়া শিশুৰ মৃত্যু। বটদ্ৰৱা বৰহিছা গাঁৱৰ অজিত ৰাজখোৱা আৰু পঞ্চি ৰাজখোৱাৰ একমাত্ৰ সন্তান আছিল শিশুটি। মঙলবাৰে বিয়লি ঘৰৰ আগফালৰ চোতালত খেলি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। পাছত হঠাৎ সন্ধানহীন হৈ পৰে শিশুটি।

বহুত বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত অৱশেষত ঘৰৰ আগফালে থকা এটি পৰিত্যক্ত পুখুৰীত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৰমলগা শিশুটিৰ এনে অকাল মৃত্যুত শোকাকুল পৰিবেশ বিৰাজ কৰিছে বটদ্ৰৱাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in