কাতি বিহু উপলক্ষে পুৱাই বটদ্ৰৱাত কণকণ শিশু সকলে তুলসী তল সজাই কৰিছে প্ৰস্তুতি…

কাতি বিহু উপলক্ষে পুৱাই বটদ্ৰৱাত কণকণ শিশু সকলে তুলসী তল সজাই কৰিছে প্ৰস্তুতি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শনিবাৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহু। সমগ্ৰ বিশ্ব, দেশ তথা ৰাজ্যত কৰোনাৰ বিভিষীকাময় পৰিবেশ। তাৰ মাজতে শনিবাৰে অসমীয়া গঞা ৰাইজে নিজৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিছে কাতি বিহু।

নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন গাঁৱৰ লগতে ৰাইডঙীয়াটো ঘৰে ঘৰে উদযাপনৰ প্ৰস্তুতি চলিছে। পুৱাই কনকন শিশু সকলে তুলসী তল শেৱালি ফুলৰে সজাই প্ৰস্তুতি চলাইছে। সন্ধিয়া এই তুলসী তলত নাম কীৰ্তন কৰি বিহু উদযাপন কৰা হ'ব। জ্যেষ্ঠ জনেও ৰাজ্যত চলি থকা ভয়াৱহ পৰিস্থিতিৰ পৰিত্ৰাণ হোৱাৰ কামনা কৰাৰ লগতে কণকণ শিশুৰ আশীৰ্বাদে দুৰ্গতি নাশ হোৱাৰ কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in