ছলাপথাৰত শিহৰণকাৰী ঘটনা! পত্নীক কেৰাচিন ঢালি জীৱন্তে জ্বলাই হত্যা পাষণ্ড স্বামীৰ…

ছলাপথাৰত শিহৰণকাৰী ঘটনা! পত্নীক কেৰাচিন ঢালি জীৱন্তে জ্বলাই হত্যা পাষণ্ড স্বামীৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এইখন অসমতেই পুনৰ সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা আন এক জঘন্য ঘটনা। পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে এগৰাকী মহিলাৰ গাত কেৰাচিন তেল ঢালি জীৱন্তে জ্বলাই হত্যা কৰিলে পাষাণ স্বামীয়ে। ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বুধবাৰে নিশা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ ছলাপথাৰত সংঘটিত হয় এই ঘটনা।। অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল তিনি সন্তানৰ মাতৃ ফাৰহানা খাতুনে। নিজ স্বামী এইজন পাষণ্ড ইক্ৰামুল হুছেইনে জঘন্য কায়দাৰে হত্যা কৰিলে পত্নী ফাৰহানাক। পাৰিবাৰিক কন্দলৰ বাবেই পাষণ্ড ইক্ৰামুলে পত্নীক এনেধৰে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে।

বুধবাৰে নিশা ঘৰৰ ভিতৰতে পাষণ্ড স্বামীয়ে গাত কেৰাচিন তেল ঢালি জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলোৱা সময়ত পত্নী ফাৰহানে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক। অগ্নিদগ্ধ অৱস্থাত একাংশই ফাৰহানাক চিকিৎসাৰ বাবে নগাঁৱলৈ লৈ যায় যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলে প্ৰেৰণ কৰে।

কিন্তু গুৱাহাটীলৈ নিয়াৰ সময়তেই আধা বাটতে মৃত্যু হয় ফাৰাহানৰ। ইতিমধ্যে হত্যাকাৰী স্বামী ইক্ৰামুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে। আনহাতে বৃহস্পতিবাৰে ফাৰাহানাৰ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে। এই ক্ষেত্ৰত পাষণ্ড স্বামী ইক্ৰামুলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে ফাৰাহানাৰ পৰিয়ালৰ লোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in