বটদ্ৰৱাত দৰিদ্ৰ পৰিয়ালৰ মাজত ঢাকাই বস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ খাদ্য বিতৰণ…

বটদ্ৰৱাত দৰিদ্ৰ পৰিয়ালৰ মাজত ঢাকাই বস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ খাদ্য বিতৰণ…

ডিজিটেল সংবাদ, বটদ্ৰৱা: সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে দিনে-নিশাই অহৰহ চেষ্টা কৰি আহিছে। ইয়াৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৰ্মচাৰী সকলক এই সংকটৰ সময়ত দৰিদ্ৰ লোকসকলক সহায়ৰ বাবে আহবান জনাইছিল।

মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে বটদ্ৰৱাৰ ঢাকাই বস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইয়াছিন আলী আৰু ৯৯৯ নং কদমনি মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী আফিয়া খাতুনে ৫০টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে ৰাজ্যৰ সকলো কৰ্মচাৰীক এই সংকটৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ আহবান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in