গুৰুজনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ তিথিত উখল-মাখল বটদ্ৰৱা

গুৰুজনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ তিথিত উখল-মাখল বটদ্ৰৱা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামত আজি উখল-মাখল পৰিবেশ৷ দেৱবাদ্যৰ মাংঙ্গলিক ধ্বনি, নাম-প্ৰসংগ, সত্ৰীয়া সংস্কৃতিৰ সমাহাৰেৰে সৃষ্টি হৈছে এক অপূৰ্ব আধ্যাত্মিক বাতাবৰণ৷ অসমীয়া জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত অসংখ্য ভক্তপ্ৰাণ তীৰ্থযাত্ৰীয়ে তেৰাৰ স্মৃতি বিজড়িত কীৰ্তনঘৰ, দুই পদশিলা, দৌলমন্দিৰত সেৱা জনাই মংগল কামনাৰে প্ৰাৰ্থনা জনাইছে৷ আজি বটদ্ৰৱা থানৰ প্ৰতিটো পূণ্য স্থানত বিৰ দি বাট নোপোৱা অৱস্থা৷ প্ৰতিজন লোকেই অন্তৰত গুৰুজনাৰ প্ৰতি অফুৰন্ত শ্ৰদ্ধা, ভক্তি লৈ তেৰালৈ জনাইছে প্ৰণিপাত৷

মংগলবাৰৰ পৰা বটদ্ৰৱা থানত উদযাপন হোৱা গুৰুজয়ন্তীৰ আজি দ্বিতীয় দিন৷ আজি ১৯ ছেপ্টেম্বৰত পুৱা তাল কোবোৱা, মঞ্জিৰা নাম, ঊষা কীৰ্তন, আইসকলৰ নাম, খোল-নাম প্ৰসংগৰ পিছতে কীৰ্তনঘৰত মূল নাম-কীৰ্তন অনুষ্ঠিত হয়৷ কীৰ্তনঘৰৰ ভিতৰে বাহিৰে অলেখ তীৰ্থযাত্ৰীয়ে নাম-কীৰ্তনত ভাগ লৈ সেৱা নিবেদন কৰি প্ৰসাদ গ্ৰহণ কৰে৷

ইপিনে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত জগতগুৰুজনাৰ অপূৰ্ব সৃষ্টিসম্ভাৰ বিভিন্ন সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনেৰে বটদ্ৰৱা থান প্ৰাংগনৰ পৰা উলিওৱা হয় এক বণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই জাপি বাটচ'ৰাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ বটদ্ৰৱা থানৰ পৰা আৰম্ভ হৈ শ্ৰীশ্ৰী শ'লগুৰি সত্ৰইদি ভেটিয়নী, ভোমোৰাগুৰি, ৰাইডঙীয়া, হুজগাঁও, নগাঁও চহৰ পৰিভ্ৰমন কৰি খুটিকটীয়া, শেনচোৱা, বেবেজীয়া, গেডাবড়ী, চকলাঘাট, হাতিচোং, জাজৰিকে আদি কৰি বৃহত্তৰ এলেকা পৰিভ্ৰমন কৰি হৰি-নাম গুণানুকীৰ্তনেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷

সন্ধিয়ালৈ সমগ্ৰ থান চৌহদত ৫৭০ গছি বন্তি  প্ৰজ্বলন কৰাৰ লগে লগে বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ'লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ ওপৰিও ওচৰৰ সমূহ এলেকাৰ প্ৰতিঘৰ লোকৰ পদুলিত বন্তিচাকি প্ৰজ্বলনেৰে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিব৷ লক্ষাধিক বন্তি চাকিৰ আলোকেৰে আলোকিত হৈ পৰিব বৃহত্তৰ বটদ্ৰৱা মহাগ্ৰামৰ চৌদিশ৷ নিশা প্ৰদৰ্শন কৰা হ'ব অংকীয়া ভাওনা "নৃসিংহ  যাত্ৰা"।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in