গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী…

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃএজাক বৰষুণতে বুৰ গৈছে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ ভকত বৈষ্ণৱৰ আহ-যাহ কৰা পথৰ লগতে জাপি বাটচ'ৰাৰ সন্মূখৰ অংশ। বিগত কিছু বছৰৰ পৰা বৰষুণ দিলেই এই পথছোৱাত কৃত্রিম বানপানীৰ সৃষ্টি হৈ আহিছে ।

অভিযোগ অনুসৰি, বটদ্রৱা থানৰ উত্তৰ-পূৱ দিশত থকা জাপি বাটচ'ৰাৰ সন্মুখ ভাগ আৰু হাটীবহাৰ পিছফালৰ পথছোৱাত বিগত চাৰি-পাঁচ বছৰে ৰাজ্যিক গড়কাপ্তানি বিভাগৰ গা-এৰা দিয়া মনোভাৱৰ বাবেই এনে অবাঞ্চিত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে। বিগত সময়ছোৱাত চৰকাৰী ভাবে বিভাগীয় নীতি অনুসৰি পথ উন্নয়ণৰ বাবে আবন্টিত হোৱা আঁচনিৰ ধনৰাশিৰ অবৈজ্ঞানিক তথা অপৰিকল্পিত ভাবে কৰা নিৰ্মাণ কাৰ্য্যৰ বাবে এনে কৃত্ৰিম বানে আজিৰ তাৰিখত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে।

এনে প্ৰেক্ষাপটত শীঘ্ৰে সুপৰিকল্পিত ভাবে আঁচনি প্ৰস্তুত কৰি কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্রৱাক ৰক্ষা কৰিবৰ বাবে স্থানীয় বিধায়িকাৰ জৰিয়তে অসমৰ গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজ আৰু বিভিন্ন দল সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in