সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ…

সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক পৰিচালক বুন বৰাৰ উদ্যোগত গঢ় লৈ উঠা বিন্দাচ অৰিজিনেল (BINDASS Original) নামৰ এটা আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপ(APP) যোৱা ২৭ ডিচেম্বৰত কলকতাৰ অসম ভৱনত আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে টলিউদৰ অভিনেতা, কলকতা ক্ৰিকেট টিমৰ মুখ্য প্ৰশিক্ষক সুচিল চাকাৰীয়াই।

অসমীয়া, বাংলা, ভোজপুৰী আৰু হিন্দী ভাষাৰ বিভিন্ন চুটিছবি, ৱেবচিৰিজ, ফিচাৰ ফ্লিম, ফেশ্বন ফটোগ্ৰাফীৰ বিভিন্ন বিষয় এই প্লেটফৰ্মত উপলব্ধ হৱ। সকলো বয়সৰ মনোৰঞ্জন ধৰ্মীলোকৰ মানসিক খোৰাকৰ প্ৰতি লক্ষ্যৰাখি বিন্দাছ অৰিজিনেলৰ মজিয়াত বিভিন্ন ছবি উপলব্ধ হৱ। মডাৰ্ণ, ক্লাছিকেল, শিক্ষা মূলক ছবিও দৰ্শকৰ বাবে উপলব্ধ হৱ।


বিন্দাছ অৰিজিনেল মুকলি কৰি সুশিল চাকাৰিয়াই কয় যে ,অসমীয়া ছবিজগতৰ দৰে আঞ্চলিক ভাষাৰ ছবি নিমান তথা পৰিচালনা ৰ লগত জড়িত থাকি আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভঙ্গীৰে এপটো নিৰ্মাণ কৰাটো সচাকৈয়ে প্ৰশংসনীয়। লগে এই এপটোৰ জৰিয়তে এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিব, এই বাবেই যে ইয়াৰ মঞ্চত আঞ্চলিক ভাষাৰ কামবোৰ দশকে চাবলৈ পাব আৰু নিৰ্মাতা সকলেও প্ৰতিযোগিতা ৰ মানসিকতাৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিব।


উন্মোচনী সভাখনত উপস্থিত থকা অসম ভৱনৰ কাৰ্য্যকৰ্তা দিপক তালুকদাৰে ভাষনত প্ৰসঙ্গত কয় যে , বিন্দাছ অৰিজিনেলৰ জৰিয়তে এটা সাংস্কৃতিক সমন্বয় ঘটিব। অনুষ্ঠানটিত এপটোৰ টেকনিকেল কাৰ্যকৰ্তা ৰণবীৰ চক্ৰৱৰ্তীয়ে মবাইলত বিন্দাচ অৰিজিনেল প্লে ষ্টৰৰ পৰা ডাউনলড কৰি চাবচক্ৰাইব কৰাৰ পিছত চবিসমূহ দশকে চাব পাৰিব বুলি জানিবলৈ দিয়ে। শুভাৰম্ভণি অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধক সুশিল চাকাৰিয়াক এখন গামোচাৰে আদৰনি জনাই বিন্দাছ অৰিজিনেলৰ স্বত্বাধিকাৰী বুন বৰাই। বিশিষ্ট অতিথি দিপক তালুকদাৰ আৰু এপ ডেভলপাৰ ৰনবিৰ চক্ৰৱৰ্তীক ফুলাম গামোচাৰে আদৰনি জনায় টলিউদৰ চিনেফটোগ্ৰাফাৰ তথা ভিডিঅ এডিটৰ চৌভিক কুণ্ডুৱে। অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বোলছবি আৰু ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা আৰু টলিউদ চবিজগতৰ অভিনেতা সৌমিত্ৰ দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in