শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ শূন্যলৈ গুলিচালনা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলিচালনাৰ ঘটনা সংঘটিত হয়। মঙলবাৰে বিয়লি ভাগত সংঘটিত হৈছে এই ঘটনা। নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক দীপ্ত মালিৰ নেতৃত্বত এটি আৰক্ষীৰ দলে আজি এক গোপন খবৰৰ ভিত্তিত ভেৰভেৰি গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আইনুল হক ওৰফে ভেকুলীৰ বাসগৃহত অভিযান চলাইছিল। অভিযানৰ সময়ত ড্ৰাগছ ব্যৱসায়ীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

আৰক্ষীয়ে প্ৰত্যুত্তৰত দুই জাই শূন্যলৈ গুলি ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মোজাহিদুল হক, ৰিয়াজ উদ্দিন আৰু জহিৰুল ইছলামক। ইফালে, ড্ৰাগছ মাফিয়াৰ আক্ৰমণত এজন আৰক্ষী জোৱানো আহত হয় বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৩৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, চোকা মৰণাস্ত্ৰ, চাৰি বস্তা ভেকুলী আৰু এটি এয়াৰ গাণ। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰে মূল অপৰাধী আইনুল হক ওৰফে ভেকুলী । অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি