শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ চহৰ সমূহৰ লগতে গাঁও সমূহতো নিতৌ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা। সম্প্ৰতি নগাঁও জিলাৰ বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁৱত নিতৌ কভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হৈ গণ সংক্ৰমণৰ দিশে গতি কৰিছে।

পঢ়িবলৈ ক্লিক কৰকঃ তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা…

বিগত দিনত গাঁও খনৰ পাঁচটা পৰিয়ালৰ কেইবাগৰাকী ব্যক্তি কভিড আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছত যোৱা কালি কিৰণ কলিতা নামৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। আৰু আজি অভিষেক বৰা, ভূপেন্দ্ৰ বৰা, ময়ূৰী বৰা, চিম্পি বৰা নামৰ চাৰি গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে।

ইফালে বটদ্ৰৱাৰ ভেটিয়নী গাঁৱটো বিগত দিনসমূহত প্ৰায় পাঁচটা পৰিয়ালৰ ১২ গৰাকী লোক কোভিড আক্ৰান্ত হৈছে। তাৰেই এগৰাকী লোকৰ যোৱা ৮ মে’ত মৃত্যুও হৈছে। আৰু মঙলবাৰে বিপুল কোচ নামৰ এগৰাকী লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে। যাৰ পৰিপেক্ষিতত সম্প্ৰতি চিন্তিত হৈ পৰিছে গাঁওবাসী।

স্থানীয় সচেতন ৰাইজে স্বাস্থ্য বিভাগক ঘৰে ঘৰে কোভিড পৰীক্ষা কৰিলে কেইবা শ লোকৰ দেহত কোভিড ধৰা পৰাৰ আশংকা আছে বুলি ব্যক্ত কৰিছে। ইফালে মঙলবাৰে বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলোৱা কোভিড টেষ্টত অঞ্চলটোৰ আৰু তিনিগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। মঙলবাৰে কভিড পজিটিভ ধৰা পৰা সকলৰ ভিতৰত ধনীয়াভেটি গাঁৱৰ ৰাইহানুল হক, আকতাৰ হুছেইন, মুকচিদুল হক বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি